Local, Vocal, Global

Ambulance accident in Kaliabor : কলিয়াবৰৰ হাতীগাঁৱত বন্যাৰ্তৰ সহায়ৰ বাবে নিয়োজিত এম্বুলেন্স দুৰ্ঘটনাগ্ৰস্ত

নিউজ ডেস্ক,৪জুলাই : বুধবাৰে নিশা কলিয়াবৰত অঘটন ৷ বুধবাৰে নিশা কলিয়াবৰৰ হাতীগাঁৱত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷

বন্যাৰ্তৰ সহায়ৰ বাবে নিয়োজিত চিকিৎসক তথা চিকিৎসাকৰ্মী দলৰ এম্বুলেন্স দুৰ্ঘটনাগ্ৰস্ত ৷ ৰৈ থকা এখন ট্ৰাকত খুন্দা এম্বুলেন্সৰ ৷ ফলত আহত হয় চিকিৎসক তথা চিকিৎসাকৰ্মীৰ দল ।

ঘটনা বিৱৰণি অনুসৰি, বুধবাৰে কলিয়াবৰৰ বানাক্ৰান্তৰ চিকিৎসা সেৱাত নিয়োজিত চাৰিজনীয়া চিকিৎসাকৰ্মীৰ এটা দলে কলিয়াবৰৰ বিভিন্ন বান বিধ্বস্ত গাঁৱত চিকিৎসা সেৱা আগবঢ়াই নিশা উভতিছিল জখলাবন্ধালৈ । কিন্তু এম্বুলেন্সখনত তেলৰ পৰিমাণ কিছু কম থকাত তেল ভৰাবলৈ বাহনখন মিছালৈ আহে ৷ তাৰ পাচতে জখলাবন্ধালৈ উভতি যাওঁতেই দুৰ্ঘটনাত পতিত হয় বাহনখন ।

বতৰ বেয়াৰ হোৱাৰ বাবে কলিয়াবৰৰ হাতীগাঁৱৰ চাৰিলেনযুক্ত ঘাইপথৰ ডাইভাৰ্জনত ৰৈ থকা এখন ট্ৰাকত এম্বুলেন্সখনে খুন্দা মাৰে ৷ ফলত উক্ত দুৰ্ঘটনাত পতিত হৈ আহত হয় এম্বুলেন্সখনত থকা চিকিৎসা কৰ্মীৰ দলটোৰ আটাইকেইজন সদস্য(Ambulance accident in Kaliabor) ।

জানিব পৰা মতে, এই দলটোত আছিল কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ উপেন্দ্ৰ কাকতি ৷ এই দুৰ্ঘটনাটোত চিকিৎসক ডাঃ উপেন্দ্ৰ কাকতি গুৰুতৰভাৱে আগাতপ্ৰাপ্ত হয় ৷ যাৰ ফলত তেওঁক নিশাই ততাতৈয়াকৈ উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় । বৰ্তমানো গুৱাহাটীতে চিকিৎসা কৰি থকা হৈছে ডাঃ উপেন্দ্ৰ কাকতিক ৷

এই দুৰ্ঘটনাত আহত স্বাস্থ্য বিভাগৰ কৰ্মচাৰী মৃণ্ময় বৰা, ফাৰ্মাচিষ্ট অশ্বিনী বৈশ্য আৰু এম্বুলেন্সখনৰ চালক জয়ন্ত শইকীয়াক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়তে চিকিৎসা সেৱা আগবঢ়াই থকা হৈছে ৷ ইফালে এই খবৰ লাভ কৰি নিশাই কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত উপস্থিত হয় মন্ত্ৰী কেশৱ মহন্ত ৷ মন্ত্ৰীগৰাকীয়ে আহত চিকিৎসা কৰ্মীসকলৰ স্বাস্থ্যৰ শেহতীয়া অৱস্থাৰ বুজ লয় ৷

লগতে পঢ়ক : Assam Flood Situation Grim : ধুবুৰী জিলাৰ বৃহত্তৰ অঞ্চল বিলাসীপাৰাত তাণ্ডৱ বানৰ