Local, Vocal, Global

WATCH | Ambubachi Nibritti : আজি অম্বুবাচীৰ নিবৃত্তি, বিভিন্ন ধৰ্মীয় অনুষ্ঠানসমূহত ব্যাপক ভিৰ

বকো,২৬জুন : আজি অম্বুবাচীৰ নিবৃত্তি। আজিৰ এই দিনটোতে ৰাজ্যৰ চূকে কোণে ধৰ্মীয় অনুষ্ঠান সমূহত বছৰটোৰ বাবে মংগল কামনা কৰি সেৱা অৰ্চনা কৰিছে প্ৰতিজন লোকে।
এনেদৰে বকোৰ ২ নং ভাটিপাৰাৰ শ্ৰী শ্ৰী মা কেঁচাইখাইটি থানতো দেখা গ’ল পূজা অৰ্চনা কৰা।

উল্লেখ্য যে, অতীজৰে পৰা পৰম্পৰা অক্ষুণ্ণ ৰাখি প্ৰতি বছৰৰ ২ নং ভাটিপাৰাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী কেছাই খাইটি থানত দেখা যায় এই দৃশ্য। বৃহত্তৰ অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজে এই দিনটোতে দেৱী মাৰ শ্ৰী চৰণত আশীৰ্বাদ বিচাৰি ভিৰ কৰা দেখা যায়(Ambubachi Nibritti)।

ইফালে, থান পৰিচালনা সমিতিৰ সভাপতি দিগন্ত ৰাভা, সম্পাদক হিমাংশু দাস আৰু জ্যেষ্ঠ অতুল বড়োৱে জনোৱা মতে, প্ৰায় ২০০ বছৰৰ পূৰণি ঐতিহ্যমণ্ডিত এই শ্ৰী শ্ৰী কেচাইখাইটি থান। মাৰ আশীষ গ্ৰহণ কৰি নি:সন্তান দম্পতিয়ে লাভ কৰিছে সন্তান। কিন্তু পৰিতাপৰ বিষয় এই যে আজিলৈ চৰকাৰী বৰমূৰীয়াৰ পৰা নাই চকু। নিজৰ গাঁঠিৰ ধনেৰে বছৰ বছৰ ধৰি পূজা পাতল কৰি আহিছে লোকসকলে। সেয়ে, চৰকাৰক গুৰুত্ব দিবলৈ অনুৰোধ জনাইছে থান পৰিচালনা সমিতিৰ বিষয়ববীয়াই।

লগতে পঢ়ক : WATCH | Massive fire breaks out: কলিয়াবৰ কামাখ্যা গাঁৱত অগ্নিকাণ্ড