Ambubachi Mela 2024 : সমাগত অম্বুবাচী মহাযোগ;অম্বুবাচী মেলা সন্দৰ্ভত কামাখ্যা মন্দিৰৰত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

গুৱাহাটী,১২ জুন: সমাগত অম্বুবাচী মহাযোগ ( Ambubachi Mela 2024)। অম্বুবাচী মেলাক লৈ নীলাচলৰ বুকুত চলিছে ব্যাপক প্ৰস্তুতি(Ambubachi mela preparation in Guwahati) ।
অসমৰ সর্বাধিক জনপ্রিয় ধর্মীয় পর্যটনস্থলী মা কামাখ্যা দেৱালয়ৰ অতিকে আকর্ষণীয় আৰু বৈচিত্রময় ধর্মোৎসৱ অম্বুবাচী মেলা। মহা অম্বুবাচী মেলা উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ আন প্ৰান্তৰ পৰাও কামাখ্যা ধামলৈ (Kamakhya Temple) আগমন হয় ভক্ত, সাধু–সন্যাসীৰ। লাখ লাখ ভক্তৰ সমাগমেৰে উখল–মাখল হৈ পৰে নীলাচলৰ বুকু।
২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত মহা অম্বুবাচী মেলা। অম্বুবাচীৰ প্ৰবৃত্তি আৰম্ভ ২২ জুনৰ পুৱা ৮বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত । অম্বুবাচীৰ নিবৃত্তি হ’ব ২৬ জুনত।
ইতিমধ্য়ে কামাখ্যা ধামলৈ আগমন ঘটিছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ । ভক্তক আদৰিবলৈ জোৰদাৰ প্ৰস্তুতি চলাইছে কামাখ্যা ধাম কৰ্তৃপক্ষই ।
মঙলবাৰে আগন্তুক অম্বুবাচী মেলাক সন্দৰ্ভত কামাখ্যা মন্দিৰৰত অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক ।
মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ নেতৃত্বত অনুষ্ঠিত হয় এই বিশেষ বৈঠকখন । বৈঠকত উপস্থিত থাকে মন্দিৰ পৰিচালনা সমিতিৰ লগতে জিলা প্ৰশাসনৰ কেইবাটাও বিভাগৰ বিষয়া কৰ্মচাৰী । লগতে অম্বুবাচী মেলা উদযাপনৰ কাৰ্যক্ৰমণিকা সন্দৰ্ভত বুজ লয় মন্ত্ৰীগৰাকীয়ে ।
এই সন্দৰ্ভত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয়,”কামাখ্যা মন্দিৰৰ মূল দুৱাৰ বন্ধ হোৱাৰ পৰা দুৱাৰ খোলাৰ দুদিনলৈ নাথাকিব কোনো ভি আই পি, ভি ভি আই পি সেৱা । ভি আই পি তথা ভি ভি আইপিয়েও এইবাৰ সাধাৰণ দর্শনাৰ্থীৰ দৰে দৰ্শন কৰিব লাগিব ।”
বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়ে তেওঁ কয়, “মেলাৰ সময়চোৱাত কামাখ্যা ধামলৈ অহা মূল পথ সন্ধিয়া ৮ বজাৰ পৰা বন্ধ কৰি দিয়া হ’ব । লগতে পাণ্ডু ঘাটৰ পৰা অহা পথচোৱা নিশা ৯ বজাৰ পৰা বন্ধ কৰি দিয়া হ’ব । এইবাৰ কামাখ্যা গেটৰ পৰা কোনো ধৰণৰ ফেৰী সেৱা অথবা গাড়ীৰ চলাচল কৰিবলৈ দিয়া নহ’ব । কেৱল পাণ্ডুৰ দিশৰ পৰা কামাখ্যালৈ অহা পথত থাকিব ফেৰী সেৱা । এইবাৰ পাণ্ডু বন্দৰত হ’ব অম্বুবাচীৰ মূল উদ্বোধনী অনুষ্ঠান ।”
তেওঁ লগতে কয়,”বহিঃৰাজ্য তথা বিদেশৰ পৰা অহা অতিথিৰ বাবে পাণ্ডু বন্দৰ ঘাট আৰু কামাখ্যা ষ্টেচনৰ বিপৰীত দিশত হ’ব আন এটা কেম্প । খাদ্য বিলোৱাৰ লগতে ভাণ্ডাৰা লগোৱাৰ ক্ষেত্ৰটো থাকিব বিশেষ নীতি নিৰ্দেশনা । কোনেও য’তে ত’তে খাদ্য বিলাব নাইবা ভাণ্ডাৰা লগাবও নোৱাৰিব ।”
লগতে পঢ়ক : govt official raises hand with bribe in Silchar : উৎকোচ লৈ গ্ৰেপ্তাৰ আয়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী