Ambubachi Mela Begins Today at Kamakhya Temple : আজিৰে পৰা আৰম্ভ হ’ল মহা অম্বুবাচী মেলা

নিউজ ডেস্ক,২২জুন : আজিৰে পৰা আৰম্ভ হ’ল মহা অম্বুবাচী মেলা ৷ ২২ জুনৰ পৰা ২৬ জুনলৈ অনুষ্ঠিত হ’ব অম্বুবাচী মেলা ৷ শনিবাৰে পুৱা ৮ বাজি ৩৫ মিনিট ১৪ ছেকেণ্ডত হ’ল অম্বুবাচীৰ প্ৰবৃত্তি ৷ ২২ জুনৰ পৰা ২৬ জুনলৈ তিনিদিন বন্ধ থাকিব মন্দিৰৰ মূল দুৱাৰ ৷ ২৬ জুনৰ পুৱা দেৱীৰ নিত্য পূজাৰ পাচত ভক্তগণৰ বাবে পুনৰ খুলি দিয়া হ’ব মন্দিৰৰ মূল দুৱাৰ(Ambubachi Mela Begins Today at Kamakhya Temple) ৷
ইতিমধ্যে প্ৰতিবাৰৰ দৰে এইবাৰো মা কামাখ্যা ধামত ভিৰ কৰিছে অগণন ভক্তই। দেশৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে ভক্তসকল। ৰাজ্য চৰকাৰ তথা জিলা প্ৰশাসনে অম্বুবাচী মেলাকলৈ ইতিমধ্যে গ্ৰহন কৰিছে কেতবোৰ ব্যৱস্থা। ভক্তৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতি বছৰৰ দৰে এইবাৰো বিভিন্ন পদক্ষেপ গ্ৰহন কৰিছে জিলা প্ৰশাসনে।
ইফালে মহানগৰ আৰক্ষীয়েও কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰে সাজু হোৱাৰ কথা জানিব পৰা গৈছে। মন্দিৰৰ সুৰক্ষা তথা ভক্তৰ নিৰাপত্তাকলৈ ৩ তৰপীয়া ব্যৱস্থা কৰা বুলি আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে জানিবলৈ দিছে।
অম্বুবাচী মেলা উপলক্ষে ভক্তৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসন তথা মন্দিৰ পৰিচালনা সমিতিয়ে জাৰি কৰিছে কিছু নীতি-নিৰ্দেশনা ৷ এই সন্দৰ্ভত কামাখ্যা ধামৰ মূল দলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মাই জনোৱা অনুসৰি অম্বুবাচী মেলাৰ সময়ত যাত্ৰীসকলক সুকলমে পৰিচালনা কৰিবলৈ যিখিনি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেইখিনি প্ৰশাসনৰ সহযোগত গ্ৰহণ কৰা হৈছে ৷ চাফ-চিকুণ তথা স্বচ্ছতাৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্তভাৱে ১২০ গৰাকী চাফাই কৰ্মী নিয়োগ কৰা হৈছে(Ambubachi Mela Begins Today at Kamakhya Temple) ৷
তেওঁ লগতে জনাই যে, সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বৰ ২৫০ টা চি চি টভি কেমেৰাৰ লগতে পুনৰ নতুনকৈ ৩০০ টা চি চি টিভি কেমেৰা দেৱালয়ৰ চৌপাশে সংস্থাপন কৰা হৈছে ৷ সুৰক্ষাৰ বাবে মন্দিৰৰ সুৰক্ষাকৰ্মীসকলৰ লগতে অতিৰিক্তভাৱে ৩০০ গৰাকী স্কাউট এণ্ড গাইডক নিয়োগ কৰা হৈছে ৷