Local, Vocal, Global

WATCH | Ambubachi Mela 2025 : ২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত মহা অম্বুবাচী মেলা

নিউজ ডেস্ক,৩জুন : সমাগত অম্বুবাচী মহাযোগ ( Ambubachi Mela 2025)। অম্বুবাচী মেলাক লৈ নীলাচলৰ বুকুত চলিছে ব্যাপক প্ৰস্তুতি(Ambubachi mela preparation in Guwahati) ।

অসমৰ সর্বাধিক জনপ্রিয় ধর্মীয় পর্যটনস্থলী মা কামাখ্যা দেৱালয়ৰ অতিকে আকর্ষণীয় আৰু বৈচিত্রময় ধর্মোৎসৱ অম্বুবাচী মেলা। মহা অম্বুবাচী মেলা উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ আন প্ৰান্তৰ পৰাও কামাখ্যা ধামলৈ (Kamakhya Temple) আগমন হয় ভক্ত, সাধু–সন্যাসীৰ। লাখ লাখ ভক্তৰ সমাগমেৰে উখল–মাখল হৈ পৰে নীলাচলৰ বুকু।

২২ জুনৰ পৰা ২৬ জুনলৈ শক্তিপীঠ কামাখ্যা ধামত অনুষ্ঠিত হ’ব মহা অম্বুবাচী মেলা।

অম্বুবাচী মেলাক লৈ অনুষ্ঠিত বৈঠকত এই কথা জানিবলৈ দিয়ে পৰ্যটন মন্ত্ৰী ৰণজিত কুমাৰ দাসে।

২২ জুনৰ পৰা ২৬ জুনলৈ শক্তিপীঠ কামাখ্যা ধামত অনুষ্ঠিত হ’ব মহা অম্বুবাচী মেলা। ২২ জুনৰ দুপৰীয়া ২.৫৬ বজাত অম্বুবাচীৰ প্ৰবৃত্তি আৰু ২৬ জুনৰ পুৱতিনিশা ৩ বজাত হ’ব অম্বুবাচীৰ নিবৃত্তি।

৪.৫৫ কোটি টকা বাজেটেৰে এইবাৰ অনুষ্ঠিত হ’ব অম্বুবাচী মেলা। VIP-VVIP মুক্ত হ’ব মহা অম্বুবাচী মেলা। এইবাৰ মহা অম্বুবাচী মেলাত ৭ লাখৰো অধিক ভক্তৰ সমাগম হ’ব বুলি জানিবলৈ দিছে মন্ত্ৰী ৰণজিত কুমাৰ দাসে।

মন্ত্ৰী ৰণজিত দাসে কয়, ৯ জুনত আমি কামাখ্যাত অম্বুবাচীৰ চূড়ান্ত সিদ্ধান্ত ল’ম। অম্বুবাচী সফল কৰিবলৈ ২৪টা বিভাগলৈ নিৰ্দেশনা দিয়া হৈছে। এইবাৰ অম্বুবাচী মেলাৰ পৰিৱৰ্তে মহা অম্বুবাচী মহাযোগ নাম দিয়া হৈছে।

এইবাৰ অম্বুবাচী মেলাত তলৰ পৰা চেণ্ডেল জোতা নিয়া নিষেধ কৰা হ’ব। যোৱাবাৰ ৭ লাখ ভক্ত দৰ্শনাৰ্থী অহিছিলে, এইবাৰ বাঢ়িব। প্ৰতিগৰাকী ভক্ত-দর্শণাৰ্থীক মাত লগাবলৈ এটা চেল স্থাপন কৰা হ’ব। কোভিডৰ প্ৰট’কল আহিলে মানিব লাগিব।

দুটা পথেৰে মেলালৈ যাব পাৰিব এইবাৰ। বতৰ বেয়া হ’লে পাণ্ডুৰ ৰাস্তা বন্ধ কৰা হ’ব। ২৬ আৰু ২৭ জুনত ভক্তই নাপাব পাছ।

লগতে পঢ়ক : WATCH | Nagaon News : ননৈ মহাবিদ্যালয়ৰ সুৰীয়া সাংস্কৃতিক অভিযান /২৫