Ambubachi Mela 2024 : অম্বুবাচী মেলালৈ মাজত মাথোঁ এটা দিন বাকী; নীলাচলৰ বুকুত মহা অম্বুবাচী মেলাৰ ব্যাপক প্ৰস্তুতি

নিউজ ডেস্ক,২০জুন : সমাগত অম্বুবাচী মহাযোগ ( Ambubachi Mela 2024)। অম্বুবাচী মেলাক লৈ নীলাচলৰ বুকুত চলিছে ব্যাপক প্ৰস্তুতি(Ambubachi mela preparation in Guwahati) ।উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে নীলাচলৰ বুকুত।
অসমৰ সর্বাধিক জনপ্রিয় ধর্মীয় পর্যটনস্থলী মা কামাখ্যা দেৱালয়ৰ অতিকে আকর্ষণীয় আৰু বৈচিত্রময় ধর্মোৎসৱ অম্বুবাচী মেলা। মহা অম্বুবাচী মেলা উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ আন প্ৰান্তৰ পৰাও কামাখ্যা ধামলৈ (Kamakhya Temple) আগমন হয় ভক্ত, সাধু–সন্যাসীৰ। লাখ লাখ ভক্তৰ সমাগমেৰে উখল–মাখল হৈ পৰে নীলাচলৰ বুকু।
২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত মহা অম্বুবাচী মেলা। অম্বুবাচীৰ প্ৰবৃত্তি আৰম্ভ ২২ জুনৰ পুৱা ৮বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত । অম্বুবাচীৰ নিবৃত্তি হ’ব ২৬ জুনত।
ইতিমধ্য়ে কামাখ্যা ধামলৈ আগমন ঘটিছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ । ভক্তক আদৰিবলৈ জোৰদাৰ প্ৰস্তুতি চলাইছে কামাখ্যা ধাম কৰ্তৃপক্ষই ।
ইফালে সমাগত অম্বুবাচী উপলক্ষে তৎপৰ হৈ পৰিছে অসম আৰক্ষী তথা প্ৰশাসন। ভক্তসকলৰ সুৰক্ষাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি যথেষ্ট গুৰুত্ব দিছে গুৱাহাটী মহানগৰ আৰক্ষীয়ে। ভক্তসকলৰ সা-সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়েই যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে তৎপৰ হৈছে জিলা প্ৰশাসন।