Local, Vocal, Global

Ambubachi Mela 2024 : সমাগত অম্বুবাচী মেলা; অম্বুবাচী মেলা উপলক্ষে তৎপৰ অসম আৰক্ষী তথা প্ৰশাসন

নিউজ ডেস্ক,১৫জুন : সমাগত অম্বুবাচী মহাযোগ ( Ambubachi Mela 2024)। অম্বুবাচী মেলাক লৈ নীলাচলৰ বুকুত চলিছে ব্যাপক প্ৰস্তুতি(Ambubachi mela preparation in Guwahati) ।

অসমৰ সর্বাধিক জনপ্রিয় ধর্মীয় পর্যটনস্থলী মা কামাখ্যা দেৱালয়ৰ অতিকে আকর্ষণীয় আৰু বৈচিত্রময় ধর্মোৎসৱ অম্বুবাচী মেলা। মহা অম্বুবাচী মেলা উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ আন প্ৰান্তৰ পৰাও কামাখ্যা ধামলৈ (Kamakhya Temple) আগমন হয় ভক্ত, সাধু–সন্যাসীৰ। লাখ লাখ ভক্তৰ সমাগমেৰে উখল–মাখল হৈ পৰে নীলাচলৰ বুকু।

২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত মহা অম্বুবাচী মেলা। অম্বুবাচীৰ প্ৰবৃত্তি আৰম্ভ ২২ জুনৰ পুৱা ৮বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত । অম্বুবাচীৰ নিবৃত্তি হ’ব ২৬ জুনত।

ইতিমধ্য়ে কামাখ্যা ধামলৈ আগমন ঘটিছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ । ভক্তক আদৰিবলৈ জোৰদাৰ প্ৰস্তুতি চলাইছে কামাখ্যা ধাম কৰ্তৃপক্ষই ।

ইফালে সমাগত অম্বুবাচী উপলক্ষে তৎপৰ হৈ পৰিছে অসম আৰক্ষী তথা প্ৰশাসন। ভক্তসকলৰ সুৰক্ষাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি যথেষ্ট গুৰুত্ব দিছে গুৱাহাটী মহানগৰ আৰক্ষীয়ে। ভক্তসকলৰ সা-সুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়েই যাৱতীয় ব্যৱস্থাগ্ৰহণৰ বাবে তৎপৰ হৈছে জিলা প্ৰশাসন।

এই সন্দৰ্ভত শনিবাৰে আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কেতবোৰ মন্তব্য কৰে।

তেঁও কয় যে অম্বুবাচী মেলাৰ কাৰণে প্ৰতি বছৰে ব্যৱস্থা গ্ৰহণ কৰা হয়। ৩-৪টা ভাগত সুৰক্ষাৰ ব্যৱস্থা কৰা হয়। প্ৰথমটো হৈছে মন্দিৰৰ সুৰক্ষাৰ ব্যৱস্থা।

দ্বিতীয়তে ৰাইজৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবেও ব্যৱস্থা লোৱা হয়। এইক্ষেত্ৰত বিভিন্ন বিষয়ববীয়াৰে ভালেকেইখন সভা ইতিমধ্যে অনুষ্ঠিত কৰা হৈছে বুলি আৰক্ষী সঞ্চালক প্ৰধান সিঙে জানিবলৈ দিয়ে।

মুঠৰ ওপৰত কোনেও যাতে একো অসুবিধাৰ সন্মুখীন নহয়, তাৰ বাবে আৰক্ষী-প্ৰশাসনে বিশেষভাৱে গুৰুত্ব দিছে।

লগতে পঢ়ক : PM Modi discusses defence, security cooperation with Italian counterpart Meloni on sidelines of G7 Summit : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইটালীৰ প্ৰধানমন্ত্ৰী জিঅ’ৰ্জিয়া মেলোনিৰ সৈতে এক দ্বিপাক্ষিক বৈঠক