Ambubachi Mela 2024 : ২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত মহা অম্বুবাচী মেলা

নিউজ ডেস্ক,২৯মে’ : সমাগত অম্বুবাচী মহাযোগ ( Ambubachi Mela 2024)। অম্বুবাচী মেলাক লৈ নীলাচলৰ বুকুত চলিছে ব্যাপক প্ৰস্তুতি(Ambubachi mela preparation in Guwahati) ।
অসমৰ সর্বাধিক জনপ্রিয় ধর্মীয় পর্যটনস্থলী মা কামাখ্যা দেৱালয়ৰ অতিকে আকর্ষণীয় আৰু বৈচিত্রময় ধর্মোৎসৱ অম্বুবাচী মেলা। মহা অম্বুবাচী মেলা উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ আন প্ৰান্তৰ পৰাও কামাখ্যা ধামলৈ (Kamakhya Temple) আগমন হয় ভক্ত, সাধু–সন্যাসীৰ। লাখ লাখ ভক্তৰ সমাগমেৰে উখল–মাখল হৈ পৰে নীলাচলৰ বুকু।
২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত মহা অম্বুবাচী মেলা। অম্বুবাচীৰ প্ৰবৃত্তি আৰম্ভ ২২ জুনৰ পুৱা ৮বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত । অম্বুবাচীৰ নিবৃত্তি হ’ব ২৬ জুনত।
লগতে পঢ়ক : Drugs seized from Sonitpur : শোণিতপুৰ জিলাৰ গুদামঘাটত জব্দ বুজন পৰিমাণৰ ড্ৰাগছ