Local, Vocal, Global

Ambubachi Mela 2023 : সমাগত অম্বুবাচী, এইবাৰ অম্বুবাচীৰ ভক্তৰ বাবে কি কি ব্যৱস্থা কৰা হৈছে ?

গুৱাহাটী, ১৮ জুন :  অসমৰ সর্বাধিক জনপ্রিয় ধর্মীয় পর্যটনস্থলী মা কামাখ্যা দেৱালয়ৰ অতিকে আকর্ষণীয় আৰু বৈচিত্রময় ধর্মোৎসৱ অম্বুবাচী মেলা সমাগত। অম্বুবাচী মেলালৈ মাজত আৰু কেইটামান দিন বাকী (Ambubachi Mela 2023)। নীলাচল পাহাৰলৈ ক্ৰমাত্‍ আগমন ঘটিছে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলৰ । অম্বুবাচীক লৈ পৰ্যটন বিভাগ আৰু জিলা প্ৰশাসনে চলাইছে ব্যাপক প্ৰস্তুতি ।

২২ জুনৰ নিশা ২.৩০ বজাত হ’ব অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি । ২৩ জুনৰ পৰা ২৫ জুনলৈকৈ বন্ধ থাকিব মন্দিৰৰ দ্বাৰ (Kamakhya Temple)। ২৬ জুনৰ নিত্য পূজাৰ পাছত খুলি দিয়া হ’ব কামাখ্যাৰ দ্বাৰ । অম্বুবাচী উপলক্ষে ২৬ জুনত কামাখ্যা মন্দিৰত নাথাকিব কোনো VVIP-VIPৰ ব্যৱস্থা । অম্বুবাচীৰ দিনকেইটাত পুৱা ৫ বজাৰ পৰা নিশা ৯ বজালৈহে নীলাচলত প্ৰৱেশ কৰিব পাৰিব ভক্তসকল।

উল্লেখ্য যে, এইবাৰ সোণাৰাম খেলপথাৰৰ পৰিৱৰ্তে কামাখ্যা ষ্টেচনত হ’ব অম্বুবাচীৰ শুভাৰম্ভণি অনুষ্ঠান । অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ’ব এইবাৰৰ শুভাৰম্ভণি অনুষ্ঠান । শুকুৰবাৰে অম্বুবাচীৰ প্ৰস্তুতিৰ বুজ ল’বলৈ আহি সংবাদ মাধ্যমক এই কথা জনাইছিল পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

অম্বুবাচী উপলক্ষে সোণাৰাম খেলপথাৰ কেৱল পাৰ্কিঙৰ বাবে ৰখা হ’ব। অন্য স্থানৰ পৰিৱৰ্তে পাণ্ডুত হ’ব চাৰিটাকৈ ভক্তৰ শিবিৰ । আনহাতে কামাখ্যা ৰে’ল ষ্টেচনত হ’ব ভক্তৰ ট্ৰানজিট কেম্প। বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তক ষ্টেচনৰ পৰা বাছেৰে অনা হ’ব পাণ্ডুৰ কেম্পলৈ ।

ভক্তৰ সুবিধাৰ্থে শিবিৰসমূহত সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ইতিমধ্যে কামাখ্যা ৰে’ল ষ্টেচন আৰু সোণাৰাম খেলপথাৰত প্ৰয়োজনীয় কাম আৰম্ভ কৰিছে প্ৰশাসনে।

তাৰোপৰি এইবাৰ অম্বুবাচী মেলাক লৈ চৰকাৰীভাৱে কোনো প্ৰচাৰ কৰা নাই বুলি জনাইছিল পৰ্যটন মন্ত্ৰীগৰাকীয়ে। গুৱাহাটীত চলি থকা বিভিন্ন আন্তঃগাঁথনিৰ কাম-কাজৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি জানিব পৰা গৈছে ।

অম্বুবাচীৰ সময়ত ভক্তসকলৰ নিৰাপত্তাৰ বাবে স্থাপন কৰা হ’ব ৪০০ৰো অধিক CCTV আৰু সেৱা আগবঢ়াব স্কাউট-গাইড, NCCৰ বহুসংখ্যক স্বেচ্ছাসেৱকে । অম্বুবাচীৰ সময়ত ভক্তসকলক জোতা, চেণ্ডেল নানিবলৈ আহ্বান মন্দিৰ কৰ্তৃপক্ষ তথা প্ৰশাসনৰ ।

লগতে পঢ়ক : Happy Fathers Day 2023: ১৮ জুন পিতৃ দিৱস,কিয় পালন কৰা হয় পিতৃ দিৱস ! কেনেকৈ ধাৰ্য হ’ল এই দিন ?