Ambubachi mela : অম্বুবাচী মেলাৰ প্ৰস্তুতি,নিৰ্ধাৰণ কেতবোৰ নীতি-নিৰ্দেশনা

গুৱাহাটী, ১০জুন : সমাগত অম্বুবাচী মহাযোগ (Preparation of Ambubachi Mela)। অম্বুবাচী মেলাক লৈ নীলাচলৰ বুকুত চলিছে ব্যাপক প্ৰস্তুতি(Ambubachi mela preparation in Guwahati) । অসমৰ সর্বাধিক জনপ্রিয় ধর্মীয় পর্যটনস্থলী মা কামাখ্যা দেৱালয়ৰ অতিকে আকর্ষণীয় আৰু বৈচিত্রময় ধর্মোৎসৱ অম্বুবাচী মেলা।
মহা অম্বুবাচী মেলা উপলক্ষে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে দেশৰ আন প্ৰান্তৰ পৰাও কামাখ্যা ধামলৈ (Kamakhya Temple) আগমন হয় ভক্ত, সাধু–সন্যাসীৰ। লাখ লাখ ভক্তৰ সমাগমেৰে উখল–মাখল হৈ পৰে নীলাচলৰ বুকু।
অম্বুবাচী মহাযোগৰ প্ৰাকক্ষণত কামাখ্যা দেৱালয়ত শণিবাৰে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। অসম চৰকাৰ, কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু মন্দিৰ পৰিচালনা সমিতিৰ মাজত অনুষ্ঠিত হয় এই বৈঠকখন।বৈঠকত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। শণিবাৰে অম্বুবাচী মেলাৰ প্রস্তুতিৰ সকলো দিশৰ পর্যালোচনাৰ বাবে মা কামাখ্যা দেৱালয়ৰ সভাগৃহত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দেৱালয় কর্তৃপক্ষ আৰু সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াবর্গৰ সৈতে এই বৈঠকত মিলিত হয়। উক্ত বৈঠকত আগন্তুক অম্বুবাচী মেলাৰ বিভিন্ন দিশক লৈ আলোচনা কৰা হয়। বৈঠকৰ পিছতেই মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদ মেল অনুষ্ঠিত কৰে (Ambubachi mela preparation in Guwahati) ।
উল্লেখ্য যে, এইবাৰ অম্বুবাচী মেলাত নীলাচল পাহাৰত ভক্তৰ প্ৰৱেশক লৈ কেতবোৰ নীতি-নিৰ্দেশনা নিৰ্ধাৰণ কৰা হৈছে। সংবাদ মেলত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জনোৱা অনুসৰি, পুৱা ৯ বজাৰ পৰা নিশা ৯ বজাৰলৈকেহে ভক্তয়ে নীলাচল পাহাৰত প্ৰৱেশ কৰিব পাৰিব। নিশা ৯ বজাৰ পিছত ভক্তসকল প্ৰৱেশ কৰিব নোৱাৰিব নীলাচলত। নিবৃত্তিৰ পিছত দর্শনৰ বাবে VVIP, VIPৰ বাবে নাথাকিব কোনো বিশেষ ব্যৱস্থা। এইবাৰ অম্বুবাচীৰ মেলাৰ বাবে কোনো প্ৰচাৰ কৰা হোৱা নাই বুলিও উল্লেখ কৰে বৈঠকত।
উল্লেখযোগ্য যে, ২২ জুনত সোণাৰাম খেলপথাৰত শুভাৰম্ভণি কৰা হ’ব অম্বুবাচীৰ(Ambubachi Mela 2023)। জানিব দিয়া অনুসৰি ইয়াৰ পিছতেই নিশা ২.৩০ বজাত অম্বুবাচীৰ প্ৰবৃত্তি হ’ব। ২৩ জুনৰ পৰা ২৫ জুনলৈ বন্ধ থাকিব কামাখ্যাৰ দ্বাৰ। ২৬ জুনৰ নিত্য পূজাৰ পাছতহে খুলি দিয়া হ’ব কামাখ্যা দ্বাৰ। ভক্তসকলৰ বাবে ৩ টা স্থানত নিৰ্মাণ কৰা হ’ব অস্থায়ী শিবিৰ। ভক্তসকলৰ বাবে পাণ্ডু প’ৰ্ট, সোণাৰাম খেলপথাৰ আৰু কামাখ্যা ৰে’ল ষ্টেচনত নিৰ্মাণ কৰা হ’ব অস্থায়ী শিবিৰ। নাহৰবাৰীত কৰ্তব্যৰত আৰক্ষীৰ লোকসকলৰ বাবে নিৰ্মাণ কৰা হ’ব অস্থায়ী শিবিৰ। লগতে জোতা, চেণ্ডেল নানিবলৈ আহ্বান পৰ্যটন মন্ত্ৰীগৰাকীৰ(Preparation of Ambubachi Mela)।
বিগত বৰ্ষৰ দৰে এইবাৰো অম্বুবাচী দিনকেইটাত নীলাচলত বন্ধ থাকিব গাড়ীৰ চলাচলৰ ব্যৱস্থা(Ambubachi Mela 2023)। বয়োজ্যেষ্ঠ লোক, বিশেষভাৱে সক্ষম লোকসকলৰ বাবে ফেৰীৰ ব্যৱস্থা থাকিব। ভক্তসকলৰ নিৰাপত্তাৰ বাবে স্থাপন কৰা হব চিচিটিভি কেমেৰা। পাণ্ডু কামাখ্যা সংযোগী নতুন পথ মুকলি কৰি দিয়া হ’ব ভক্তসকলৰ বাবে। নাৰ্ছাৰীৰ পৰা কামাখ্যা মন্দিৰলৈ যান-বানত চলাচলত নিষেধাজ্ঞা জাৰি কৰা হৈছে। উক্ত পথছোৱাত পানীৰ বাহিৰে অন্য কোনো খোৱা বস্তু যোগান ধৰিব নোৱাৰিব বুলি নিৰ্দেশনা প্ৰদান কৰা হৈছে। ইয়াৰ লগতে জোতা চেণ্ডল খুলি কামাখ্যা মন্দিৰলৈ ভক্তক আহিবলৈ আহ্বান জনাই মন্ত্ৰী গৰাকীয়ে।
লগতে পঢ়ক :Horoscope Today : আজিৰ দিনটোৰ ৰাশিফল