Ambedkar Samman Yatra: আজি দেশজুৰি কংগ্ৰেছৰ আম্বেদকাৰ সন্মান যাত্ৰা
নিউজ ডেস্ক,২৪ডিচেম্বৰ : আজি দেশজুৰি কংগ্ৰেছৰ আম্বেদকাৰ সন্মান যাত্ৰা। দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো কংগ্ৰেছৰ এই যাত্ৰা। সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰ সন্দৰ্ভত অমিত শ্বাহৰ মন্তব্যৰ বিৰোধিতা। গৃহমন্ত্ৰী অমিত শ্বাহে ক্ষমা খোজাৰ দাবীত কংগ্ৰেছৰ প্ৰতিবাদী যাত্ৰা(Ambedkar Samman Yatra)।
বিৰোধী উপ-দলপতি গৌৰৱ গগৈয়ে ড০ আম্বেদকাৰৰ উত্তৰাধিকাৰ ৰক্ষাৰ বাবে কংগ্ৰেছ দলৰ দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰি “আম্বেদকাৰ সন্মান যাত্ৰা”ৰ বেনাৰত দেশজোৰা প্ৰতিবাদৰ কথা ঘোষণা কৰিছিল। সেয়ে আজি সমগ্ৰ ৰাজ্যতে কংগ্ৰেছে “অম্বেদকাৰ সন্মান যাত্ৰা” ৰূপায়ণ কৰিছে।
মহানগৰীৰ অন্তৰ্গত মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ সন্মুখৰ পৰা সাংসদ গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে এই সমদল উলিয়াই। উক্ত কাৰ্যসূচীত বিৰোধী নেতৃত্ব সকলে অংশ লৈছে। ইফালে কংগ্ৰেছৰ সমদলক লৈ সষ্টম হৈছে মহানগৰ আৰক্ষী-প্ৰশাসন। উক্ত কাৰ্যসূচীৰ বাবে অনুমতি প্ৰদান কৰা নাই প্ৰশাসনে। ইতিমধ্যে দিছপুৰত আৰক্ষীয়ে ব্যাপক নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে।
লগতে পঢ়ক :Sand mining at Jorhat : যোৰহাটত বালি মাফিয়াৰ দপদপনি