Amarnath Yatra suspended on Monday after heavy rains in Jammu and Kashmir : প্ৰতিকূল বতৰৰ বাবে পুনৰ স্থগিত অমৰনাথ যাত্ৰা

নিউজ ডেস্ক,১২আগষ্ট : প্ৰতিকূল বতৰৰ বাবে পুনৰ স্থগিত ৰাখিবলগীয়া হৈছে অমৰনাথ যাত্ৰাত ৷
তথ্য অনুসৰি, দেওবাৰে গান্দেৰবাল জিলাৰ বালতাল পথত ধাৰাসাৰ বৰষুণ হৈছিল ৷ ধাৰাসাৰ বৰষুণৰ বাবে সোমবাৰে অমৰনাথ যাত্ৰা স্থগিত ৰখা হ’ব বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷ ইফালে শনিবাৰৰ পৰা পেহেলগাম পথৰ পৰা অমৰনাথলৈ যোৱা পথ বৰষুণৰ বাবে বন্ধ ৰখা হৈছিল(Amarnath Yatra suspended on Monday after heavy rains in Jammu and Kashmir) ৷
অমৰনাথ যাত্ৰাৰ বিভিন্ন দায়িত্বত থকা বিষয়াসকলে দেওবাৰে পেহেলগাম আৰু বালতালৰ দুয়োটা পথতে প্ৰবল বৃষ্টিপাত হোৱাৰ কথা জানিবলৈ দি এই পথ তাৎক্ষণিক মেৰামতিৰ প্ৰয়োজন বুলি ব্যক্ত কৰে ৷
” কাশ্মীৰৰ বিভাগীয় আয়ুক্ত বিজয় কুমাৰ বিধুৰীয়ে এক বিবৃতিযোগে সদৰী কৰে যে,”আজি হোৱা ধাৰাসাৰ বৰষুণৰ বাবে শ্ৰীঅমৰনাথজী যাত্ৰাপথৰ বালতাল পথত জৰুৰী মেৰামতি আৰু তত্বাৱধানৰ কাম কৰাৰ প্ৰয়োজন হৈছে । যাত্ৰীসকলৰ সুৰক্ষাৰ স্বাৰ্থত কাইলৈ(সোমবাৰে) বালতাল পথৰ পৰাও কোনো যাত্ৰাৰ অনুমতি দিয়া নহ’ব।
বিধুৰীয়ে কয় যে, পেহেলগাম পথত ইতিমধ্যে প্ৰয়োজনীয় মেৰামতি আৰু তত্বাৱধানৰ কাম চলি আছে । বিষয়াসকলে কৈছিল যে, পেহেলগাম পথত চলি থকা পথ মেৰামতিৰ কামৰ বাবে শনিবাৰে জম্মু জিলাৰ পৰা কাশ্মীৰ উপত্যকালৈ পৰৱৰ্তী যাত্ৰাৰ বাবে কোনো নতুন তীৰ্থযাত্ৰীক অনুমতি দিয়া হোৱা নাছিল।
লগতে পঢ়ক : Road Accident in Nalbari : ৰাজপথত ডাম্পাৰৰ দৌৰাত্ম্য;তীব্ৰবেগী ডাম্পাৰ খুন্দাত নিহত ছাত্ৰী