Amarnath Yatra 2023: বেয়া বতৰৰ বাবে একেৰাহে দ্বিতীয় দিনাও স্থগিত অমৰনাথ যাত্ৰা
নেশ্যনেল ডেস্ক, ৮ জুলাই : বেয়া বতৰৰ বাবে বালতাল আৰু পহলগামৰ দুয়োটা পথত একেৰাহে দ্বিতীয় দিনৰ বাবে অমৰনাথ যাত্ৰা স্থগিত ৰখা হৈছে (Amarnath Yatra suspended) । শনিবাৰে এগৰাকী শীৰ্ষ প্ৰশাসনিক বিষয়াই এই কথা সদৰি কৰিলে ।
অমৰনাথ যাত্ৰাৰ দ্বায়িত্বত নিয়োজিত বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে, কেন্দ্ৰীয় শাসিত অঞ্চলটোত হৈ থকা প্ৰতিকূল বতৰৰ বাবে অমৰনাথ যাত্ৰাত পলম হোৱাৰ লগতে পহলগাম আৰু বালতালেৰে মন্দিৰ সংযোগী দুয়োটা পথেৰেই যাত্ৰা স্থগিত ৰখা হৈছে ।
বতৰ বিজ্ঞান বিভাগৰ পৰামৰ্শ আৰু কাশ্মীৰ উপত্যকাত একেলেথাৰিয়ে হৈ থকা প্ৰচণ্ড বৰষুণৰ ফলত শ্ৰীনগৰ-জম্মু সংযোগী ৰাষ্ট্ৰীয় ঘাইপথটো বন্ধ কৰি দিয়া হৈছে (Srinagar Jammu National Highway) । এনে পৰিস্থিতিত নতুনকৈ যোৱা তীৰ্থযাত্ৰীসকল (Fresh batches of pilgrims)ক জম্মুৰ পৰা যাত্ৰা আৰম্ভ কৰিবলৈ অনুমতি দিয়া হোৱা নাই বুলি বিষযাগৰাকীয়ে জানিবলৈ দিয়ে।
ইফালে জম্মু-কাশ্মীৰৰ যান-বাহন নিয়ন্ত্ৰণৰ দ্বায়িত্বত থকা আৰক্ষীয়ে (Jammu and Kashmir Traffic Police)ও এক পৰামৰ্শ জাৰি কৰি সাধাৰণ জনতাক ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথ, মোগল পথ আৰু দুটাকৈ ভূমিস্খলনৰ ফলত বন্ধ হৈ থকা এছ এছ জি পথত যাতায়ত নকৰিবলৈ আহ্বান জনাইছে ।
জম্মু-কাশ্মীৰ আৰক্ষীয়ে নিজৰ টুইটাৰ হেণ্ডেলত পুৱা ৬:২৫ বজাত এটা টুইট কৰি কয় যে, বৰষুণৰ ফলত হোৱা ২টাকৈ ভূমিস্খলনৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ, মোগল ৰোড আৰু এছ এছ জি ৰোড বন্ধ হৈ আছে । পথকেইটা মুকলি নোলহোৱালৈকে সাধাৰণ লোকক সেই পথেৰে যাত্ৰা নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে।”
এই বৰ্ষৰ ১ জুলাইৰ যাত্ৰা আৰম্ভ হোৱা দিনটোৰ পৰা বৰ্তমানলৈকে মুঠ ৬৭,৫৬৬ গৰাকী তীৰ্থযাত্ৰীয়ে অমৰনাথ গুহা মন্দিৰ পৰিদৰ্শন কৰিছে (Pilgrims visited the Amarnath cave shrine) ।
যোৱা ৫ জুলাইত বাল্টাল বেছ কেম্প আৰু নুনৱান বেছ কেম্প – এই দুয়োটা কেম্পৰ পৰা প্ৰায় ১৮,৩৫৪ গৰাকী তীৰ্থযাত্ৰীয়ে অমৰনাথ গুহা মন্দিৰলৈ ৰাওনা হৈছিল (Amarnath Yatra 2023) ।
এক আনুষ্ঠানিক বিবৃতিত উল্লেখ কৰা অনুসৰি, ১৮,৩৫৪ গৰাকী তীৰ্থযাত্ৰীৰ ভিতৰত ১২৪৮৩ জন পুৰুষ, ৫১৪৬ গৰাকী মহিলা, ৪৫৭ টি শিশু, ২৬৬ জন সাধু আৰু ২ গৰাকী সাধ্বী আছে ।
ইয়াত আৰু কোৱা হৈছে যে, “আৰম্ভণিৰে পৰা দৰ্শন কৰা মুঠ যাত্ৰীৰ সংখ্যা হৈছে ৬৭,৫৬৬ গৰাকী । লগতে আগন্তুক দিনটেইটাত আৰু অধিক যাত্ৰীয়ে অমৰনাথলৈ যাত্ৰা কৰি মন্দিৰ পৰিদৰ্শন কৰিব ।”
উল্লেখ্য যে, এইবাৰৰ ৬২ দিনীয়া অমৰনাথ যাত্ৰা ১ জুলাইৰ পৰা আৰম্ভ হৈ অহা ৩১ আগষ্টত শ্ৰৱণ পূৰ্ণিমা উৎসৱৰ দিনা সামৰণি পৰিব(Shravan Purnima festival) । যাত্ৰাৰ সময়ত হ’ব পৰা যিকোনো ৰোগৰ পৰা তীৰ্থযাত্ৰীসকলক চিকিৎসা সেৱা প্ৰদান কৰিবলৈ স্বাস্থ্যকেন্দ্ৰ স্থাপন কৰাৰ লগতে যাত্ৰাৰ দুয়োটা পথতে কৰ্তৃপক্ষই সামূহিক ‘লংগৰ’স্থাপন কৰিছে য’ত বিনামূলীয়াকৈ খাদ্য যোগান ধৰা হ’ব । তাৰোপৰি যাত্ৰাৰ এই পথচোৱাত যিকোনো ধৰণৰ জাংক ফুড গ্ৰহণ প্ৰশাসনে নিষিদ্ধ কৰিছে ।
লগতে পঢ়ক : Amarnath Yatra 2023: অমৰনাথ যাত্ৰাৰ ১৭ হাজাৰৰো অধিক তীৰ্থযাত্ৰীয়ে দৰ্শন কৰিলে পবিত্ৰ শিৱলিংগ