অমৰনাথ যাত্ৰা
নিউজ ডেস্ক, ৩০ জুন : প্ৰায় ৩ বছৰৰ অন্তত আজিৰে পৰা আৰম্ভ হৈছে অমৰনাথ যাত্ৰা। সম্প্ৰতি Nanban শিবিৰৰ পৰা প্ৰায় ২,৭৫০ তীৰ্থযাত্ৰীয়ে দক্ষিণ কাশ্মীৰ হিমালয়স্থিত অমৰনাথৰ বাবে ৰাওনা হৈছে।
উপায়ুক্ত পীযুষ সিংগলাই Anantnag জিলাৰ Pahalgamৰ পৰা সেউজীয়া পতাকা দেখুৱাই অমৰনাথ যাত্ৰাৰ যাত্ৰী সকলৰ যাত্ৰা আৰম্ভ কৰায়। তেওঁ কয় যে ৪৩ দিনীয়া অমৰনাথ যাত্ৰাৰ সুকলমে পাৰ কৰাবলৈ ইতিমধ্যে সকলোধৰণৰ ব্যৱস্থা কৰা হৈছে।
তেওঁ কয় যে, আমি নিশ্চিত কৰিছো যে তীৰ্থযাত্ৰী সকলে সুৰক্ষিত অনুভৱ কৰক আৰু সকলো শান্তি পূৰ্ণভাৱে হৈ যাওক। আশা কৰো তীৰ্থযাত্ৰী সকলে পৱিত্ৰ গুহাত থকা শিৱলিংগৰ দৰ্শন শান্তিপূৰ্ণভাৱেই কৰক।
জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল Manoj Sinhaই বুধবাৰে পুৱা জম্মু চহৰৰ ভগৱতী নগৰ শিৱিৰৰ পৰা বাৰ্ষিক অমৰনাথ যাত্ৰাৰ বাবে ৪,৮৯০ গৰাকী তীৰ্থযাত্ৰীক কাশ্মীৰৰ Pahalgam আৰু Baltal আধাৰ শিৱিৰৰ যাত্ৰাৰ বাবে ৰাওনা কৰায়।
উল্লেখ্য যে এইবাৰ যাত্ৰীৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱণাৰ বাবে অনলাইন দৰ্শনৰ ব্যৱস্থাও কৰিছে।
৩০ জুনত আৰম্ভ হোৱা এই অমৰনাথ যাত্ৰা ১১ আগষ্টত অন্ত পৰিব।