হোজাইত ব্ৰাউন চুগাৰসহ আমান-বছিৰক গ্ৰেপ্তাৰ

হোজাইত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ ব্ৰাউন চুগাৰসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। হোজাই ভিছাল মাৰ্কেটৰ সন্মুখৰ পৰা আমান খান আৰু বছিৰ আহমেদক ব্ৰাউন চুগাৰসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ গ্ৰেপ্তাৰ হোৱা যুৱক দুজনৰ পৰা ১০টা ব্ৰাউন চুগাৰ ভৰ্তি কণ্টেইনাৰ সহ এটা পলিথিনত বেগত ১১ গ্ৰামৰ ব্ৰাউন চুগাৰ উদ্ধাৰ কৰে। উদ্ধাৰ হোৱা ব্ৰাউন চুগাৰ মূল্য প্ৰায় ২ লাখ টকা। তদন্ত অব্যাহত ৰাখিছে হোজাই আৰক্ষীয়ে।