Local, Vocal, Global

Almost Dozen Independents Declare Support To Nawaz Sharif’s Party : নিৰ্দলীয় প্ৰাৰ্থীৰ মুছলিম লীগ-নৱাজ (পিএমএল-এন)ত যোগদান

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৩ ফেব্ৰুৱাৰী : নিৰ্দলীয় প্ৰাৰ্থীৰ পাকিস্তান মুছলিম লীগ-নৱাজ (পিএমএল-এন)ত যোগদান । পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত জয়ী হোৱা প্ৰায় ২০জনতকৈ অধিক লোকৰ মুছলিম লীগ-নৱাজ (পিএমএল-এন)ত যোগদান।

মঙলবাৰে স্থানীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি ৰাজনপুৰৰ এন এ-১৮৯ ৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হোৱা শ্বামশ্বেৰ আলী মাজাৰীয়ে নৱাজ শ্বৰীফৰ নেতৃত্বাধীন দলটোত যোগদান কৰাৰ কথা ঘোষণা কৰে(Almost Dozen Independents Declare Support To Nawaz Sharif’s Party) ।

মাজাৰীয়ে এক ভিডিঅ’ বিবৃতিযোগে নিজৰ সিদ্ধান্তৰ কথা ঘোষণা কৰি কয় যে পিএমএল-এনক সমৰ্থন আগবঢ়োৱাৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে তেওঁ সহযোগীসকলৰ সৈতে এই সন্দৰ্ভত পৰামৰ্শ লৈছিল । ইয়াৰোপৰি, ৰাষ্ট্ৰৰ কল্যাণৰ বাবে তেওঁ পিএমএল-এনত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও উল্লেখ কৰে ।

পাকিস্তানস্থিত সংবাদ মাধ্যমটোৱে প্ৰকাশ কৰা অনুসৰি পিএমএল-এনৰ চৰ্দাৰ ৰিয়াজে ৩২ হাজাৰ ভোট লাভ কৰাৰ বিপৰীতে মাজাৰীয়ে ৩৮,৮৭৫ টা ভোট লাভ কৰে । একেদৰে পঞ্জাৱ বিধানসভাৰ পিপি-২৪০ সমষ্টিৰ পৰা নিৰ্বাচিত নিৰ্দলীয় প্ৰাৰ্থী মহম্মদ সোহেইলৰ লগতে পিপি-৪৮ ৰ পৰা খুৰৰাম বিৰ্ক আৰু পিপি-৪৯ ৰ পৰা ৰানা মহম্মদ ফায়াজেও পিএমএল-এনত যোগদান কৰে(Almost Dozen Independents Declare Support To Nawaz Sharif’s Party) ।

লগতে পঢ়ক : Assam’s highest civilian awards to be conferred today : আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত প্রদান কৰা হ’ব ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান