Local, Vocal, Global

আমাৰ স্বাস্থ্যৰ বাবে কাঠবাদাম অতি উপকাৰী,আহক আজি আমি কাঠবাদামৰ উপকাৰিতাৰ বিষয়ে জানো…

ডিজিটেল ডেস্ক:-আমাৰ সকলোৰে পছন্দৰ এবিধ শুকান ফল হৈছে কাঠবাদাম।ই আমাৰ শৰীৰৰ বাবে অতি উপকাৰী।ই পুষ্টিৰ এক উৎকৃষ্ট উৎস।কাঠবাদামত কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম আৰু জিংকৰ দৰে খনিজ পদাৰ্থ থাকে।ই প্ৰ’টিন আৰু ভিটামিন-ইৰো এক উত্তম উৎস কাঠবাদাম।কাঠবাদাম আঁহৰেও সমৃদ্ধ।কাঠবাদাম ৰাতি তিয়াই থৈ পুৱা খালে ই শৰীৰৰ পক্ষে অতি উপকাৰী।আজি কাঠবাদামৰ স্বাস্থ্যৰ লাভালাভৰ বিষয়ে জানো আহক-

ওজন হ্ৰাস কৰাত এক কাৰ্যকৰী ভূমিকা পালন কৰে কাঠবাদামে। কাঠবাদামত মনোচেচুৰেটেড চৰ্বি থাকে ভোক হ্ৰাস কৰে আৰু পাকস্থলী ভৰ্তি ৰাখে।
কাঠবাদামে হৃদযন্ত্ৰ স্বাস্থ্যৱান কৰি ৰাখে।ই ক্ষতিকাৰক কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে।

তিয়াই থোৱা কাঠবাদামত থকা এণ্টিঅক্সিডেণ্টে শৰীৰ ফুলা হ্ৰাস কৰে ।
কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰিবলৈ খোৱা কাঠবাদামত থাকে ভিটামিন বি১৭।
প্ৰতি ৰাতিপুৱা খালী পেটত তিয়াই থোৱা কাঠবাদাম খোৱাটোৱে শৰীৰৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।

কাঠবাদামত প্ৰ’টিন আৰু আঁহ যথেষ্ট পৰিমাণে থাকে।ইয়াৰ বিপৰীতে ইয়াত কাৰ্বোহাইড্ৰেট নামমাত্ৰহে থাকে।সেয়ে কাঠবাদাম খালে ৰক্ত শৰ্কৰা বৃদ্ধি নহয়।যাৰ বাবে কাঠবাদামক ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত বহু উপকাৰী বুলি গণ্য কৰা হয়।

হৃদযন্ত্ৰৰ সুৰক্ষাদায়ক কাঠবাদামে ক্ষতিকাৰক কলেষ্টেৰল লিপোপ্ৰ’টিন (এলডিএল-চি) হ্ৰাস কৰে।লিপোপ্ৰ’টিনৰ ফলত হৃদৰোগ হোৱাৰ এশ শতাংশ সম্ভাৱনা থাকে।কাঠবাদাম আপোনাৰ আহাৰত অন্তৰ্ভূক্ত কৰিলে ই উচ্চ ঘনত্বৰ লাইপোপ্ৰ’টিন বজাই ৰখাত সহায় কৰিব পাৰে, যি হৈছে এক ভাল প্ৰকাৰৰ চৰ্বি।

কাঠবাদামত ফোলেট, ভিটামিন ই, শৰীৰৰ বাবে দৰকাৰী চৰ্বি তথা পলিফেনোলিক থাকে। যি মগজুৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। নিয়মীয়াকৈ কাঠবাদাম খালে স্মৃতিশক্তি উন্নত হয়।
ওজন নিয়ন্ত্ৰণ কৰিবলৈ বিচৰাসকলে কাঠবাদাম খাবলৈ অভ্যাস কৰিব পাৰে।তিয়াই থোৱা কাঠবাদামে হজম বৃদ্ধি কৰাত সহায় কৰে। অত্যাৱশ্যকীয় এনজাইম বোৰ নিষ্কাশন কৰাত সহায় কৰে।