WATCH | Allegations of widespread corruption in schools : ধুবুৰীৰ চৰাঞ্চলৰ এখন বিদ্যালয়ত ব্যাপক দুৰ্নীতিৰ অভিযোগ
ধুবুৰী,১১মাৰ্চ : ধুবুৰীৰ চৰাঞ্চলৰ এখন বিদ্যালয়ত ব্যাপক দুৰ্নীতিৰ অভিযোগ।
বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ ।
ধুবুৰীৰ চৰাঞ্চলৰ একাংশ বিদ্যালয়ত আচলতে শিক্ষাৰ নামত চলিছে কি ?
ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল ভোগডহৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত “খা” পাৰা গাঁওৰ ২০০৩ নং “খা” পাৰা এল পি স্কুলৰ প্ৰধান শিক্ষক নওসাদ আলী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি নুৰ ইছলাম নামৰ দুই গৰাকী মিলি উক্ত বিদ্যালয়খনত নিজ খেয়াল খুচি মতে পৰিচালনা কৰি আছে বুলি বিদ্যালয়খনৰ একাংশ পৰিচালনা সমিতিৰ সদস্যই অভিযোগ উত্থাপন কৰি জিলা প্ৰাথমিক শিক্ষা বিষয়াক এক লিখিত অভিযোগ দাখিল কৰে(Allegations of widespread corruption in schools)।
অভিযোগ পত্ৰত উল্লেখ কৰা অনুসৰি বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ বাবে অহা মধ্যাহ্ন ভোজন বন্ধ ৰাখি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু প্ৰধান শিক্ষক দুয়ো মিলি টকা আত্মসাৎ কৰা, বিদ্যালয়ৰ পানীৰ টেংক বিক্ৰী কৰা, প্ৰায় এবছৰ ধৰি বিদ্যালয়ত বিদ্যুৎ সংযোগ কৰাৰ বাবে অহা ছলাৰ বিদ্যালয়ৰ কোঠাত পেলাই থোৱাৰ লগতে আৰু বহু অভিযোগ উত্থাপন কৰি এক লিখিত অভিযোগ দাখিল কৰে উক্ত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ একাংশ সদস্যই।
বিদ্যালয়খনৰ এটা কোঠালীৰ মজিয়াত পেলাই থৈছে মধ্যহ্ন ভোজনৰ চাউল। যি চাউল গেলি পচি পোক ধৰিছে, নিগনীয়ে চাউলৰ ওপৰত মল ত্যাগ কৰিছে। বস্তাই বস্তা চাউল জমা ৰাখি ছাত্ৰ-ছাত্ৰীক মধ্যহ্ন ভোজন দিয়াৰ সময় নাপায় প্ৰধান শিক্ষকে।
২০০৩ নং “খা” পাৰা এল পি স্কুলখনত আছে তিনি গৰাকীকৈ শিক্ষক-শিক্ষয়িত্ৰী। ইয়াৰে এগৰাকী প্ৰধান শিক্ষক আন দুগৰাকী সহকাৰী শিক্ষক। পৰিতাপৰ বিষয় এয়াই যে তিনিগৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ এগৰাকী প্ৰায়ে উপস্থিত নথকাৰ উপৰিও বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক ছুটি দিয়ে দিনৰ ১১ বজাতে। শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত নাথাকিলে উপস্থিতি দিয়ে ভি ডি অ যোগে। এই অভিযোগ বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সদস্যৰ লগতে অভিভাৱকৰ ।
লিখিত অভিযোগ দাখিল কৰাৰ পাছত শিক্ষা বিভাগৰ লগতে জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু শিক্ষা মন্ত্ৰীয়ে ইয়াৰ উচিত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবনে সেয়া হব লক্ষণীয় বিষয় ।
লগতে পঢ়ক :WATCH | Kaliabor News : কলিয়াবৰ আৰক্ষীৰ বৃহৎ সফলতা