All schools to remain closed in Manipur after bomb attacks : ৯ আৰু ১০ ছেপ্টেম্বৰত বন্ধ থাকিব মণিপুৰৰ সকলো শিক্ষা প্ৰতিষ্ঠান
নিউজ ডেস্ক,৯ছেপ্তেম্বৰ : হিংসাজৰ্জৰ মণিপুৰ । পুনৰ ৰাজ্যখনত হিংসা আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যখনৰ চৰকাৰী ,বেচৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয় সমূহ ১০ ছেপ্টেম্বৰলৈ বন্ধৰ ঘোষণা কৰে চৰকাৰে । দেওবাৰে ৰাজ্যখনৰ শিক্ষা বিভাগে এক জাননী জাৰি কৰি এই কথা উল্লেখ কৰে । ইফালে শুকুৰবাৰে ৰাজ্যখনৰ শিক্ষা বিভাগে ৰকেট আৰু বোমা বিস্ফোৰণৰ ঘটনাৰ পিচতে শনিবাৰে চৰকাৰী বিদ্যালয়সমূহ বন্ধৰ ঘোষণা কৰিছিল ।
একেদৰে মণিপুৰ বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক টি শান্তিকুমাৰ সিঙে সংশ্লিষ্ট সকলোকে জনাইছে যে ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে ২০২৪ চনৰ আজিৰে পৰা অৰ্থাৎ ৯ আৰু ১০ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া ইউ জি আৰু পি জি পৰীক্ষাসমূহো পিছুৱাই দিয়া হৈছে । পৰীক্ষাৰ নতুন তাৰিখ পৰৱৰ্তী সময়ত ঘোষণা কৰা হ’ব বুলি তেওঁ অৱগত কৰিছে(All schools to remain closed in Manipur after bomb attacks in Bishnupur district)।
এই ক্ষেত্ৰত সকলোকে সহযোগ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে পৰীক্ষা পুনৰ নিৰ্ধাৰণ সম্পৰ্কীয় শেহতীয়া তথ্যৰ সৈতে আপডেট লৈ থাকিবলৈ অনুৰোধ জনোৱা হৈছে । শীৰ্ষ কৰ্তৃপক্ষৰ অনুমোদন সাপেক্ষে এই জাননী জাৰি কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে(All schools to remain closed in Manipur after bomb attacks in Bishnupur district) ।
ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ বাবে ক’ক’মিয়ে তাৎক্ষণিকভাৱে জৰুৰীকালীন বন্ধ ঘোষণা কৰিছিল । দেওবাৰে পুনৰ ইয়াৰ মাজতে ক’ক’মিয়ে কিছু সময়ৰ বাবে ৰাজহুৱা জৰুৰীকালীন অৱস্থাৰ ঘোষণা প্ৰত্যাহাৰ কৰে । ক’ক’মিয়ে প্ৰকাশ কৰিছে যে স্কুল, কলেজ, বজাৰকে ধৰি ৰেড জ’নত থকা অঞ্চলসমূহত বিশেষ সাৱধানতা অৱলম্বন কৰা উচিত ।