Local, Vocal, Global

All schools, colleges shut today and tomorrow : প্ৰতিকূল বতৰৰ বাবে দুদিনৰ বাবে বন্ধ সকলো বিদ্যালয়-মহাবিদ্যালয়

নিউজ ডেস্ক,৬মে’ : দুদিনৰ বাবে বন্ধ শিক্ষানুষ্ঠান । প্ৰতিকূল বতৰৰ বাবে বন্ধ শিক্ষানুষ্ঠান ।

জানিব পৰা মতে, প্ৰতিকূল বতৰৰ বাবে মণিপুৰত ৬ মে’ আৰু ৭ মে’ত সকলো বিদ্যালয়-মহাবিদ্যালয় ঘোষণা কৰে ৰাজ্য চৰকাৰে( All schools, colleges shut today and tomorrow)।

সামজিক মাধ্যমৰ এক পোষ্টৰ জড়িয়তে এই কথা জনালে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে(Schools, Colleges Shut For 2 Days After Rain, Hailstorm Hit Parts Of Manipur)।

এন বীৰেন সিঙে টুইটাৰযোগে দুদিনৰ বাবে শিক্ষানুষ্ঠানৰ বন্ধৰ কথা সদৰি কৰে। প্ৰতিকুল বতৰৰ বাবে উদ্ভৱ হোৱা বিপদৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এই ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্য চৰকাৰে মানুহৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা আৰু দুৰ্গতসকলক সহায়ৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ কথাও জনাইছে এন বীৰেন সিঙে।

টুইটাৰত এন বীৰেন সিঙে লিখে, ‘‘প্ৰতিকূল বতৰৰ প্ৰতি লক্ষ্য ৰাখি সকলো স্কুল আৰু কলেজ ৬ আৰু ৭ মে’ত বন্ধ থাকিব। বতৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ দ্বাৰা উদ্ভৱ হ’ব পৰা বিপদাশংকা প্ৰতি লক্ষ্য ৰাখি সতৰ্কতামূলক ব্যৱস্থা হিচাপে এই সিদ্ধান্ত লোৱা হৈছে। মই সকলোকে আপডেট হৈ থাকিবলৈ আৰু ঘৰৰ ভিতৰত সুৰক্ষিত থাকিবলৈ অনুৰোধ জনাইছো। ৰাজ্য চৰকাৰে জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰিবলৈ আৰু প্ৰভাৱিত লোকসকলক সহায় কৰিবলৈ সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে।’’

লগতে পঢ়ক : Guwahati-North Guwahati ferry services suspended : পুনৰ বন্ধৰ ঘোষণা গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱা