Local, Vocal, Global

All-party meeting underway in Parliament on Bangladesh crisis : বাংলাদেশৰ পৰিস্থিতিক লৈ কেন্দ্ৰৰ সৰ্বদলীয় বৈঠক

নিউজ ডেস্ক,৬আগষ্ট : বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈ মঙলবাৰে পুৱা কেন্দ্ৰই আহ্বান কৰে সৰ্বদলীয় বৈঠকৰ।বৈঠকত দুয়োখন সদনৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গেকে ধৰি এন ডি এৰ সকলো সহযোগী দল আৰু বেছিভাগ বিৰোধী দলে অংশগ্ৰহণ কৰে।

মঙলবাৰে সংসদত এক সৰ্বদলীয় বৈঠকত ভাষণ দি জয়শংকৰে কয় যে চৰকাৰ বিৰোধী প্ৰতিবাদত ৩০০ৰো অধিক লোক নিহত হোৱাৰ বাবে শ্বেইখ হাছিনা নেতৃত্বাধীন চৰকাৰৰ পতনৰ পাছত চৰকাৰে বাংলাদেশৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে। ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয়, বাংলাদেশৰ পৰিস্থিতি ইমান উদ্বেগজনক নহয় যে দেশখনত থকা ১২,০০০-১৩,০০০ ভাৰতীয় সকলক স্থানান্তৰ কৰাৰ প্ৰয়োজন আছে(All-party meeting underway in Parliament on Bangladesh crisis)।

অৱশ্যে,আপে অভিযোগ কৰে যে তেওঁলোকক বৈঠকলৈ আমন্ত্ৰণ জনোৱা হোৱা নাই। বৈদেশিক পৰিক্ৰমা মন্ত্ৰীজনে কয় যে চৰকাৰী চাকৰিৰ বাবে এক বিতৰ্কিত সংৰক্ষণ ব্যৱস্থাক লৈ হোৱা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত প্ৰায় ৮,০০০ ভাৰতীয়ই ভাৰতলৈ উভতি আহিছে( External Affairs Minister S. Jaishankar briefs all-party meeting on Bangladesh situation)।

জয়শংকৰে লগতে কয় যে চৰকাৰে হাছিনাক তেওঁৰ ভৱিষ্যৎ পৰিকল্পনা নিৰ্ধাৰণ কৰিবলৈ কিছু সময় দিব বিচাৰে। বৈঠকত অংশগ্ৰহণ কৰি ৰাহুল গান্ধীয়ে কয় যে চৰকাৰৰ এটা মধ্যম আৰু দীৰ্ঘম্যাদী ৰণনীতি থাকিব লাগে, নিৰ্বাচন অনুষ্ঠিত নোহোৱালৈকে বাংলাদেশক অন্তৰ্ৱৰ্তীকালীন চৰকাৰে শাসন কৰিবলৈ সাজু হৈছে।

লগতে পঢ়ক :Huge cache of arms including five militants seized in manipur : অশান্ত জৰ্জৰ মণিপুৰত বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ গ্ৰেপ্তাৰ উগ্ৰপন্থী