Local, Vocal, Global

All agency banks to remain open for public on Sunday, March 31 : ৩১ মাৰ্চত উপলব্ধ হ’ব বেংক সেৱা

নিউজ ডেস্ক,২১মাৰ্চ : ৩১ মাৰ্চত উপলব্ধ হ’ব বেংক সেৱা । ৩১ মাৰ্চ অৰ্থাৎ দেওবাৰে খোলা থাকিব বেংক। দেওবাৰেও বেংকৰ কাম-কাজ অব্যাহত ৰাখিবলৈ বেংকসমূহলৈ নিৰ্দেশনা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ(RBI says all agency banks to remain open for public on March 31) ।

ভাৰতীয় ৰিজাৰ্ভ বেংকে জনোৱা অনুসৰি, ২০২৪ চনৰ ৩১ মাৰ্চত চৰকাৰী লেনদেনৰ সৈতে জড়িত সকলো এজেন্সী বেংকৰ বাবে কৰ্মদিন। কিন্তু কেন্দ্ৰীয় বেংকে জনোৱা মতে ৩১ মাৰ্চত সকলোবোৰ বেংক খোলা থাকিব।

“ভাৰত চৰকাৰে চৰকাৰী ৰচিদ আৰু পেমেণ্টৰ সৈতে জড়িত বেংকসমূহৰ সকলো শাখাই ৩১ মাৰ্চ, ২০২৪ (দেওবাৰ) লেনদেনৰ বাবে মুকলি কৰি ৰাখিবলৈ অনুৰোধ জনাইছে। যাতে বিত্তীয় বৰ্ষত ৰচিদ আৰু পেমেণ্টৰ সৈতে জড়িত সকলো চৰকাৰী লেনদেনৰ হিচাপ দিব পৰা যায়। সেই অনুসৰি এজেন্সী বেংকসমূহক চৰকাৰী ব্যৱসায়ৰ সৈতে জড়িত সকলো শাখা ৩১ মাৰ্চ, ২০২৪ (দেওবাৰ)ত খোলা ৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে(All agency banks to remain open for public on Sunday, March 31)।”

লগতে পঢ়ক : wild elephant attack in Numaligarh : নুমলীগড়ত বনৰীয়া হাতীৰ আক্ৰমণত মৃত্যু এজন