Alia Bhatt Drops Glowy No Makeup Look: মেকআপ বিহীনভাৱে নতুন চেলফি শ্বেয়াৰ কৰিলে আলিয়া ভাট্টে

এণ্টাৰটেইণ্টমেণ্ট ডেস্ক, ৭ জুন : বলীউডৰ ডিম্পল কুইন আলিয়া ভাটে অনুৰাগীসকলক মেকআপ বিহীন ভাৱে এখন মৰম লগা চেলফি সামাজিক মাধ্যমত শ্বেয়াৰ কৰি সকলোকে জনালে শুভেচ্ছা । ইনষ্টাগ্ৰামত‘গলি বয়’(Gully Boy)নামেৰে অভিনেতাগৰাকীয়ে শ্বেয়াৰ কৰে সাগৰৰ পাৰত উঠা এই বিশেষ চেলফিখন ।
অভিনেত্ৰীগৰাকীয়ে ইনষ্টাগ্ৰামত এই মৰম লগা চেলফিখন শ্বেয়াৰ কৰি পোষ্টটোৰ কেপচনত লিখিছে, “মই অকলে থকাৰ ২.৩ ছেকেণ্ডৰ পিছত” । লগতে তেওঁ চেলফিখনত ইমোজিও দিয়া দেখা গৈছে ।
অভিনেত্ৰীগৰাকীয়ে ৰহস্যময় ৰূপত এটা কেপচন লিখিছে । কেপচনত উল্লেখ কৰা অনুসৰি- এটা মুহূৰ্ত য’ত তেওঁ অকলে সময় অতিবাহিত কৰিছে । সেই সময়চোৱাতে তেওঁ এইদৰে এখন চেলফি তুলিবলৈ আৰম্ভ কৰে ।
অভিনেত্ৰীগৰাকীয়ে তেওঁৰ তিতা চুলিখিনি খোলাকৈ ৰাখি নিজৰ মেকআপ বিহীন মুখখনত এটা মিছিকিয়া হাঁহি জ্বিলিকাই ফটোখন উঠিছে । চেলফিখনত অভিনেত্ৰীগৰাকীয়ে সাগৰৰ পাৰত সময় অতিবাহিত কৰা দেখা গৈছে ।
চেলফিখনত তেওঁ এযোৰ বেঙুনীয়া ৰঙৰ এক কান্ধৰ ছুইমিং চুট পিন্ধি আছিল । ৰ’দৰ তিৰবিৰণিত আলিয়াই হাঁহি থকাৰ অৱস্থাত নিজকে কেমেৰাত ধৰা দিয়া দেখা গৈছিল । চেলফিখন শ্বেয়াৰ কৰাৰ লগে লগে অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলে তেওঁক বিভিন্ন নেতিবাচক মন্তব্যৰে উপচাই পেলায় ।
এগৰাকী অনুৰাগীয়ে লিখিছে “কিউটনেছ পাটুটি ।”
আন এজনে অনুৰাগীয়ে মন্তব্য কৰিলে, “চেল্ফী আটাইতকৈ ভাল ।”
উল্লেখ্য যে শেহতীয়াকৈ আলিয়াক বিলাসী ফেশ্বন ব্ৰেণ্ড গুচি ৰ প্ৰথম ভাৰতীয় গ্ল’বেল এম্বেছাদৰ হিচাপে ঘোষণা কৰা হৈছিল । আলিয়া ভট্টক পৰৱৰ্তী সময়ত দেখা যাব কৰণ জোহৰৰ আগন্তুক ছবি ‘ৰকি আৰু ৰাণী কি প্ৰেম কাহানী’ত । ছবিখনত আলিয়া ভট্টে ৰণবীৰ সিঙৰ লগত অভিনয় কৰিছে ।
ছবিখন ২৮ জুলাইত ছবিগৃহত মুক্তি পাবলৈ ইতিমধ্যে সাজু হৈছে । ইয়াৰ পিছতে কেটৰিনা কাইফ আৰু প্ৰিয়ংকা চোপ্ৰা জোনাছৰ সৈতে ফাৰহান আখটাৰৰ পৰৱৰ্তী পৰিচালনা ‘জী লে জাৰা’ তো অভিনয় কৰিব ।
লগতে পঢ়ক : India Namibia friendship: ভাৰত-নামিবিয়াৰ বন্ধুত্বৰ নতুন প্ৰতীক হিচাপে আত্মপ্ৰকাশ কৰিলে ‘চিতা’ই: এছ. জয়শংকৰ