Ali Tauqeer Sheikh:ISI এজেণ্টৰ দৰে ভাৰত বিৰোধী কাম অব্যাহত ৰখা আলী তাকিৰ শ্বেখৰ গোচৰ সন্দৰ্ভত SIT গঠন

নিউজ ডেস্ক,১৮ফেব্ৰুৱাৰী : ISI এজেণ্টৰ দৰে ভাৰত বিৰোধী কাম অব্যাহত ৰখা আলী তাকিৰ শ্বেখৰ গোচৰ সন্দৰ্ভত SIT গঠন।
বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত ডিজিপিয়ে গঠন কৰিলে চাৰিজনীয়া তদন্তকাৰী দল(Ali Tauqeer Sheikh)।
আই পি এছ মুন্না প্ৰসাদ গুপ্তা এই বিশেষ তদন্তকাৰী দলৰ অধ্যক্ষ হিচাপে থাকিব। সদস্য হিচাপে থাকিব প্ৰণৱজ্যোতি গোস্বামী, ৰ’জি কলিতা আৰু মৈত্ৰেয়ী ডেকা।
প্ৰয়োজনত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ অনুমতি সাপেক্ষে পৰিদৰ্শক, উপ-পৰিদৰ্শক আৰু কনিষ্টবল নিয়োগ কৰিব পাৰিব এছ আই টিয়ে।
লগতে পঢ়ক:Assam man goes missing in Pryagraj:মহাকুম্ভ মেলালৈ গৈ সন্ধানহীন লংকাৰ কাকী টিলাবজাৰৰ ৰামসিং চৌহান