WATCH | Ali Aye Ligang:আজি মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং
জামুগুৰিহাট,১৯ফেব্ৰুৱাৰী : জামুগুৰিহাটৰ বামুণীপামৰ যুৱক যুৱতী সকলৰ উদ্যোগত আৰু গাওঁ উন্নয়ন সমিতিৰ সহযোগত আলি আঃয়ে লৃগাং উদযাপন কৰা হৈছে৷ মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং উপলক্ষে ডেকা গাভৰু সকলে নাচি বাগি হাতে কামে লাগি উৎসৱ ভাগ সৰ্ব্বাংগ সুন্দৰ ৰূপ দিয়া পৰিলক্ষিত হৈছে(Ali Aye Ligang)৷
প্ৰতিবছৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰত অনুষ্ঠিত কৰি অহা এই উৎসৱ ভাগ মিচিং জনগোষ্ঠীৰ লোক সকলে আজিও বুধবাৰে এইদৰে কৃষিভিত্তিক উৎসৱ আলি: আয়ে লৃগাঙক লৈ ডেকা গাভৰু আৰু আৱাল বৃদ্ধবনিতা তথা সকলোশ্ৰেনীৰ ৰাইজৰ মাজত এক উখল মাখল পৰিবেশ সৃষ্টি হৈছে৷ বিশ্বনাথৰ বি,এড কলেজৰ ছাত্ৰ ছাত্ৰী সকলেও আহি মিচিং জনগোষ্ঠীৰ লোককলা সংস্কৃতিৰ ওপৰত অধ্যয়ন কৰিবলৈকে কাৰ্য্যসুচীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে৷
আজি সন্ধিয়া অনুষ্ঠিত হ’বলগীয়া বাৰেবৰণীয়া সাংস্কৃতিক আনুষ্ঠানত অংশগ্ৰহণ কৰি জনপ্ৰিয় কন্ঠশিল্পী দেৱ টাইদ আৰু চুৰজ লামাই গীতৰ শৰাই পৰিবেশন কৰি হেজাৰ হেজাৰ শ্ৰোতা দৰ্শকৰ মন জয় কৰিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিছে ৷
লগতে পঢ়ক :Tragic road accident: নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ গছত খুন্দা ট্ৰাকৰ;নিহত এজন