WATCH | Ali Aye Ligang: আজি মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং

ডিব্ৰুগড়,১৯ফেব্ৰুৱাৰী : আজি মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং। আজি ফাগুন মাহৰ প্ৰথমটো বুধবাৰ উপলক্ষে ৰাজ্যৰ মিচিং জনবসতিপূৰ্ণ অঞ্চলসমূহত উলহ-মালহেৰে উদযাপন কৰা হৈছে মিচিং জনগোষ্ঠীৰ অন্যতম প্ৰধান উৎসৱ আলি-আয়ে-লিগাং ৷
ডিব্ৰুগড় জিলাৰ মৰাণৰ চৰাইহাবি মিচিং গাঁৱতো প্ৰতিবছৰৰ দৰে এইবাৰো আয়োজন কৰা হয় আলি-আয়ে-লিগাং ৷ জনগোষ্ঠীটোৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাংক লৈ গাঁওখনত পৰিলক্ষিত হৈছে ব্যাপক উৎসাহ উদ্দীপনা(Ali Aye Ligang)৷
গাঁৱৰ নামঘৰৰ প্ৰাঙ্গণত গাঁওবাসীয়ে গুমৰাং নৃত্যৰে উদযাপন কৰিছে আলি আঃয়ে লৃগাং ৷ গাঁৱৰ ল’ৰা-ডেকা-বুঢ়া, জীয়ৰী-বোৱাৰী সকলোৱে অংশ লৈছে আলি-আয়ে-লিগাঙৰ উৎসৱমুখৰ পৰিবেশত ৷ এই অনুষ্ঠানৰ জৰিয়তে বছৰটোৰ কৃষিকৰ্ম শুভাৰম্ভ কৰি আনন্দত মতলীয়া হৈছে গাঁৱৰ ৰাইজ ৷
লগতে পঢ়ক:WATCH |Chapar News: চাপৰৰ আৰেয়াৰঝাৰত লোক নিৰ্মাণ বিভাগৰ পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ