Local, Vocal, Global

Ali Aye Ligang: আজি আলি আঃয়ে লৃগাং;মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং

নিউজ ডেস্ক,১৯ফেব্ৰুৱাৰী : আজি আলি আঃয়ে লৃগাং।মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং। অসমৰ অন্যতম ভূমিপুত্ৰ অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিচিং সকলৰ আলি আঃয়ে লৃগাং এক বসন্ত উৎসৱ। এই‌ উৎসৱ হৈছে কৃষিৰ লগত সম্বন্ধিত এক উৎসৱ। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়।এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়(Ali Aye Ligang)।

১৯৫৬ চনত মিচিংসকলৰ বৃহত্তম আৰ্থ-সামাজিক অনুষ্ঠান বানে কেবাঙে (তেতিয়াৰ নাম আছিল নানে কেবাং) আলি আঃয়ে লৃগাং উৎসৱ ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰিবৰ বাবে প্ৰস্তাৱ আগবঢ়ায় আৰু তেতিয়াৰ পৰাই ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয়।

লৃগাং উৎসৱত মিচিং ডেকা সকলে মিবুগালুগ আৰু গাভৰু সকলে ৰিবিগাচেং নামেৰে সাজপাৰ পৰিধান কৰে। এই উৎসৱত তেওঁলোকে তৰাপাতত বৰা চাউল দি পুৰাং ৰান্ধে। এই খাদ্য তেওঁলোকৰ লৃগাং উৎসৱৰ প্ৰধান পৰম্পৰা।

লগতে পঢ়ক:Assam| Collective marriages: হোমক সাক্ষী কৰি একেলগে বিয়াত বহিল ২০৪ জোৰা দৰা কন্যা