Local, Vocal, Global

WATCH | Ali Ai Ligang: আজি মিচিং জনগোষ্ঠীয় কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং

টিয়ক,১৯ফেব্ৰুৱাৰী : আজি মিচিং জনগোষ্ঠীয় কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং।

সমগ্ৰ ৰাজ্যৰ মিচিং সমাজে আজি আলি আয়ে লৃগাং উদযাপন কৰিছে। এয়া টীয়ক নগৰ মিচিং কৃষ্টি সমিতিয়ে আয়োজন কৰা উৎসৱৰ পৰিবেশ।

প্ৰতিকূল বতৰকো নেওচি পুৱাই জনজাতীয় সাজপাৰ পৰিধান কৰি মিচিং মৰং ঘৰৰ বাকৰিত আয়োজন কৰা এই দিনযোৰা কাৰ্যসূচীৰ আৰম্ভণিতে পূৰ্বৰ মাংগলিক নীতি নিয়ম অৱলম্বন কৰি শস্যৰ বীজ ৰোপনৰ পৰ্ব আৰম্ভ কৰিছে আৰু আগন্তুক বছৰটোত যেন খেতি খোলা ভাল হয় তাৰ বাবে ইষ্ট দেৱতাৰ চৰণত সেৱা লৈছে। লগতে গোমৰাগ নৃত্য তথা ঐনিতম সুৰত মুখৰিত হৈ পৰিছে সমগ্ৰ পৰিবেশ।ঐনিতমৰ সুৰত নাচিছে মিচিং ডেকা গাভৰু(Ali Ai Ligang)।

উল্লেখযোগ্য যে আলি আয়ে লৃগাঙৰ লগত সংগতি ৰাখি টীয়ক মিচিং কৃষ্টি সমিতিয়ে এইবাৰ ৰূপালী জয়ন্তী বৰ্ষও উদযাপন কৰিছে। ইতিমধ্যে পৰ আপুং,গাহৰি মাংসকে ধৰি বিভিন্ন জনজাতীয় খাদ্য সম্ভাৰ প্ৰস্তুত কৰিছে ৰাইজৰ বাবে।

ইপিনে মাংগলিক ৰীতিনীতিৰ পাছতে চিত্ৰাংকন প্ৰতিযোগিতা,নৃত্য গীতৰ প্ৰতিযোগিতাৰ লগতে দুপৰীয়া মূল সভা আৰু নিশালৈ এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে টীয়ক মিচিং কৃষ্টি সমিতিয়ে।

সেয়ে প্ৰতিটো কাৰ্যসূচীত সকলো ৰাইজৰে উপস্থিতি তথা সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে।

লগতে পঢ়ক: WATCH | Illegal Land Mining: কাৰ চত্ৰছায়াত চলিছে অবৈধ মাটিৰ খনন ? কিয় চকুত নপৰে বিভাগৰ