Alcohol Worth Rs 4.5 Crore Sold In Guwahati During Diwali :দীপাৱলীত সুৰা বিক্ৰীৰ অভিলেখ!
নিউজ ডেস্ক,৩নৱেম্বৰ : সুৰা বিক্ৰীৰ নতুন অভিলেখ সৃষ্টি কৰিলে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত । এইবাৰো দীপাৱলীত অসমৰ অৰ্থনীতি মজবুত কৰাত বৃহৎ যোগদান দিলে সুৰাপায়ীসকলে । দীপাৱলীৰ ২ দিনত গুৱাহাটী মহানগৰীত বিক্ৰী হ’ল ৪ কোটি ৮০ লাখ টকাৰ সুৰা।
যেন সুৰা নহ’লে নচলে একাংশৰ বাবে । কোনো উৎসৱ পাৰ্বনত মুখ্য ভূমিকা পালন কৰে সুৰাই । নিতৌ বৃদ্ধি হৈ গৈ আছে সুৰাৰ বিক্ৰী । সুৰাৰ পৰা কোটি কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰি আছে (Alcohol Worth Rs 4.5 Crore Sold In Guwahati During Diwali)।
প্ৰত্যেক বছৰেতে সুৰা বিক্ৰীৰ হাৰ বৃদ্ধি হৈছে । উৎসৱ পাৰ্বনৰ নামত এইদৰে সুৰা ক্ৰয়ৰে একপ্ৰকাৰ অভিলেখ গঢ়িলে গুৱাহাটীৰ সুৰাপায়ীসকলে ।কব’লৈ গ’লে এয়া আবকাৰী বিভাগৰ বাবে বৃহৎ সফলতা ।দীপাৱলীৰ আনন্দ উল্লাহৰ ব্যস্ত সকলো। তাৰ মাজতে ৰঙা পানী নহ’লে যেন নচলে। ইয়াৰ দায়িত্ব পালন কৰিছে আবকৰী বিভাগে । পিছ হুহকি যোৱা নাই আবকৰী বিভাগে । কাৰণ সুৰাৰ বিক্ৰীৰ সম্ভাৱনা বেছি উৎসৱ পাৰ্বনৰ দিনত।
দীপাৱলীৰ ২ দিনত গুৱাহাটী মহানগৰীত বিক্ৰী হ’ল ৪ কোটি ৮০ লাখ টকাৰ সুৰা। কামৰূপ মহানগৰ আবকাৰী বিভাগে দিলে এই তথ্য।
লগতে পঢ়ক :Road Accident in Darrang:দ্ৰুতবেগী বাইকৰ খুন্দা তামোল গছত;নিহত এজন