Local, Vocal, Global

সুৰাই হ’ল ৭ জন মানুহৰ বাবে কাল

নিউজ ডেস্ক, ২০ জুলাই : পশ্চিম বংগৰ হাওৰা জিলাত বুধবাৰে ৰাতিপুৱা এটা Illicit Hooch  গাঁঠিত নকল সুৰা সেৱন কৰাৰ অভিযোগত মুঠ সাতজন লোকৰ মৃত্যু হৈছে।

বাতৰি অনুসৰি, আৰু ছয়জন লোকক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু কেইবাজনো লোকৰ অৱস্থা সংকটজনক।

হাওৰাৰ আৰক্ষী আয়ুক্ত প্ৰবীণ কুমাৰ ত্ৰিপাঠীৰ মন্তব্য অনুসৰি “আজি ৰাতিপুৱা প্ৰায় সাতজন লোকৰ মৃত্যু হৈছিল আৰু আন কেইবাজনো লোক অসুস্থ হৈ পৰিছিল। প্ৰাথমিক ভাৱে, দেখা গৈছে যে হাওৰাত অবৈধ সুৰা সেৱন কৰাৰ পিছত ঘটনাটো সংঘটিত হৈছিল,” ।

তেওঁ লগতে কয় “এখন চিকিৎসালয়ত ছয়জন লোক চিকিৎসাধীন হৈ আছে। মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পাৰি,” ।

, আৰক্ষীয়ে কয় যে বিষয়টোৰ তদন্ত চলি আছে আৰু বৰ্তমানেও ঘটনাটোৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।