Akshay Kumar Reacts To Manipur Violence : মণিপুৰৰ মহিলা নিৰ্যাতনক লৈ অক্ষয় কুমাৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ
নেশ্যনেল ডেস্ক, ২০ জুলাই : শেহতীয়া মণিপুৰৰ এটা কাণ্ডত স্তম্ভিত হৈ পৰিছে সমগ্ৰ দেশ । উচ্চতম ন্যায়ালয়ৰ পৰা বলিউদৰ অভিনেতালৈকে প্ৰতিক্ৰিয়া(Akshay Kumar Reacts To Manipur Violence) । মণিপুৰৰ মহিলা নিৰ্যাতনক লৈ অভিনেতা অক্ষয় কুমাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
উল্লেখ্য যে ৰাজ্যখনত চলি থকা এনে হিংসাত্মক পৰিস্থিতিৰ মাজতে বুধবাৰে পোহৰলৈ আহিছিল মণিপুৰৰ দুগৰাকী মহিলাক উলংগ কৰি ৰাজপথেৰে পেৰেড কৰাৰ দৃশ্য (Manipur Women Paraded Naked)। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’ (Shocking Video Shows Two Kuki Women Paraded Naked)। যিটো ভিডিঅ’ত একাংশ ৰাইজে দুগৰাকী মহিলাক উলংগ কৰি লৈ যোৱা দেখা গৈছে । ‘য’ত একাংশ মানৱৰূপী দানৱে মণিপুৰৰ ৰাজপথত উলংগ কৰি মহিলাক পাশৱীক নিৰ্যাতন চলাইছে ।
যোৱা ৪ মে’ৰে ঘটনা আছিল সেয়া । ৰাজ্যখনত ইণ্টাৰনেট সেৱা বন্ধ থকাৰ বাবে পোহৰলৈ অহা নাছিল এই দৃশ্য। এই ভিডিঅ’ পোহৰলৈ অহাৰ পিছতে দেশজুৰি তোলপাৰ লাগিছে ।
উল্লেখ্য যে, মেইটেই আৰু কুকিসকলৰ মাজত সংঘৰ্ষৰ চলি থকাৰ মাজতে এনে এক অতি নিকৃষ্ট ঘটনা পোহৰলৈ আহিছে ৷ যিয়ে এতিয়াই বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে(Manipur violence) ।
শেহতীয়াকৈ এই ভিডিঅ’টো পোহৰলৈ অহাৰ পিছতে স্তম্ভিত হৈ পৰে দেশ । উচ্চতম ন্যায়ালয়ৰ পৰা ধৰি অভিনেতা অক্ষয় কুমাৰলৈ সকলোৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
তাৰ মাজতে এই ঘটনা সন্দৰ্ভত বলিউডৰ অভিনেতা অক্ষয় কুমাৰে টুইটাৰ যোগে কয় যে, মণিপুৰত মহিলাৰ বিৰুদ্ধে হোৱা হিংসাত্মক ঘটনাৰ ভিডিঅ’ দেখি বিৰক্ত হৈছোঁ । আশা কৰোঁ যে অপৰাধীসকলে এনে এটা কঠোৰ শাস্তি পাব যে আৰু কোনেও পুনৰ এনে ধৰণৰ ভয়ংকৰ কাম কৰাৰ কথা ভাবিৱ নোৱাৰিব।’
ইফালে এই ঘটনা সন্দৰ্ভত কেন্দ্ৰীয় নাৰী আৰু শিশু সৱলীকৰণ বিভাগৰ মন্ত্ৰী স্মৃতি ইৰাণিয়েই মন্তব্য কৰিছে । তেওঁ ঘটনাৰ বিষয়ে মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সৈতে টেলিফোনৰ জৰিয়তে কথা পতাৰ লগতে দোষীয়ে কঠোৰ শাস্তি পাব বুলিও উল্লেখ কৰিছে ।
ইফালে এই ঘটনাৰ পাছতে প্ৰথমবাৰৰ বাবে মণিপুৰ সন্দৰ্ভত মুখ খুলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । তেওঁ কয় যে মণিপুৰৰ মাতৃ-জীয়ৰীক অসন্মান যিসকলে কৰিছে তেওঁলোকক ৰেহাই দিয়া নহ’ব । মহিলাৰ ওপৰত অত্যাচাৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব।
আনহাতে গৃহমন্ত্ৰী অমিত শ্বাহেয়ো মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ সৈতে টেলিফোনৰ জৰিয়তে কথা পাতিছে । মুখ্যমন্ত্ৰী বীৰেন সিঙে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিছে । ইয়াৰোপৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়েয়ো মণিপুৰ সন্দৰ্ভত কয় যে , চৰকাৰে যদি একো কৰিব নোৱাৰে তেন্তে আমি ব্যৱস্থা গ্ৰহণ কৰিম ।
উল্লেখ্য যে, এই ঘটনাটো মণিপুৰৰ ৰাজধানী ইম্ফলৰৰ পৰা ৩৫ কিলোমিটাৰ দূৰত সংঘটিত হৈছিল । এই ভিডিঅ’ টোত দেখা পোৱা মহিলা এগৰাকীৰ ২১ বছৰীয়া কুকি যুৱতী ।
লগতে পঢ়ক : Manipur Women Paraded Naked : নিকৃষ্ট কাণ্ড !ৰাজপথত দুই মহিলাক উলংগ কৰি পেৰেড