Local, Vocal, Global

পুনৰ চৰ্চাত অক্ষয় কুমাৰ

নিউজ ডেস্ক, ২৪ জুলাই : বলীউডৰ চুপাৰষ্টাৰ অক্ষয় কুমাৰ উদ্যোটোৰ অন্যতম ব্যস্ত অভিনেতা হিচাপে চৰ্চা লাভ কৰে।

পুনৰ চৰ্চা লাভ কৰিছে অক্ষয় কুমাৰে। এইবাৰ আকৌ এবাৰ মনোৰঞ্জন উদ্যোগৰ পৰা সৰ্বাধিক কৰ দাতা হৈ পৰিছে অক্ষয় কুমাৰ।

খবৰ অনুসৰি, অক্ষয় কুমাৰে যোৱা পাঁচ বছৰৰ পৰা সৰ্বাধিক কৰদাতাৰ উপাধিৰে আয়কৰ বিভাগৰ পৰা প্ৰমাণ পত্ৰ লাভ কৰিছে।

Pinkvillaৰ মতে, ” বৰ্তমান তেওঁৰ সৰ্বাধিক চলচ্চিত্ৰ আছে আৰু তেওঁ  Endorsement উদ্যোগৰ দায়িত্বত আছে। তেওঁ ভাৰতৰ আটাইতকৈ ডাঙৰ কৰদাতাসকলৰ মাজত তালিকাভুক্ত হোৱাটো আচৰিত নহয়।” অক্ষয় কুমাৰৰ সন্মানীয় প্ৰমাণপত্ৰই ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপক চৰ্চাত লাভ কৰিছে।