অধিৱেশনৰ প্ৰথমদিনাই অখিল গগৈক সদনৰ পৰা বহিস্কাৰ

নিউজ ডেস্ক, ১৪ মাৰ্চঃ আজিৰে পৰা অসম বিধানসভাৰ ২০২২-২৩ বৰ্ষৰ বাজেট অধিবেশন আৰম্ভ হৈছে। বাজেট অধিৱেশনৰ প্ৰথমটো দিনতে সদনৰ পৰা বহিষ্কাৰ কৰা হয় শিৱসাগৰৰ বিধায়ক অখিল গগৈক।
ৰাজ্যপালৰ বাজেট ভাষণৰ সময়ত বাৰে বাৰে হুলস্থুল কৰাৰ বাবে বহিষ্কাৰ অখিল গগৈক। ভুল তথ্যৰে ৰাজ্যপালৰ ভাষণ যুগুত কৰাৰ অভিযোগ অখিল গগৈৰ। ভাষণত মূল সমস্যা উপেক্ষা কৰাৰ অভিযোগ বিধায়কজনৰ।
বহিষ্কাৰ হোৱাৰ পিছত বিধানসভাৰ চৌহদত সংবাদ মাধ্যমৰ আগত অখিল গগৈয়ে কয় যে, ‘‘বিধানসভাত ৰাজ্যপালৰ যি ভাষণ, সেই ভাষণ সম্পূৰ্ণৰূপে চৰকাৰৰ নিয়মীয়া কাম–কাজৰ প্ৰশংসাৰ বাদে আন একো নহয়। ৰাজ্যপালৰ ভাষণত অসমৰ মূল সমস্যাৰ কথা সামান্যতমো উল্লেখ নাই।’’