Local, Vocal, Global

WATCH | Akhil Gogoi : অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব লাভ কৰা গৌৰৱ গগৈক শুভেচ্ছা জনালে অখিল গগৈৱে

শিৱসাগৰ,২৭মে’: অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব লাভ কৰা গৌৰৱ গগৈক শুভেচ্ছা জনালে অখিল গগৈৱে।

কংগ্ৰেছৰে সৈতে মিত্ৰতাৰ প্ৰতি পুনৰ আশা প্ৰকাশ অখিল গগৈৰ। ৩০ তাৰিখলৈকে বান্ধি দিয়া সময়সীমাৰ কথা উল্লেখ ৰাইজৰ দলৰ সভাপতিগৰাকীৰ। ২০২৬ ৰ নিৰ্বাচনত বিজেপিক পৰাভূত কৰিবলৈ হ’লে বিৰোধী শক্তি একগোট হ’ব লাগিবই- অখিল গগৈ।

দুলিয়াজান কাণ্ডত গ্ৰেপ্তাৰ হোৱা শংকৰ বৰুৱাৰ জামিন সন্দৰ্ভত মত প্ৰকাশ কৰি শংকৰ বৰুৱাকো উপদেশ দিলে অখিল গগৈয়ে। আনৰ কাজিয়াৰ মাজত নোসোমাবলৈ উপদেশ গগৈৰ(Akhil Gogoi)।

চৰকাৰে বাংলাদেশীৰ বিৰুদ্ধে লোৱা পদক্ষেপ সন্দৰ্ভতো নিজৰ মত ব্যক্ত কৰিলে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। বিজেপিৰ দিনতে আটাইতকৈ কম বাংলাদেশী বিতাড়িত হৈছে । বাংলাদেশীক বিতাড়িত কৰিবই লাগিব। কিন্তু ইয়াত ৰাজনীতি কৰিলে নহ’ব।

লগতে পঢ়ক : WATCH | Mysterious Suicide of Woman : কলিয়াবৰত ন- বোৱাৰীৰ ৰহস্যজনক মৃত্যু