Akali Dal Leader Shot Dead In Punjab : প্ৰাক্তন নেতাক গুলীয়াই হত্যা কৰিলে দুৰ্বৃত্তই

নেশ্যনেল ডেস্ক, ২৯ছেপ্টেম্বৰ : এক চাঞ্চল্যকৰ ঘটনা । প্ৰাক্তন নেতাক গুলীয়াই হত্যা কৰিলে দুৰ্বৃত্তই । পাঞ্জাৱত হোছিয়াৰপুৰত বৃহস্পতিবাৰে সন্ধিয়াই কোনো অচিনাক্ত লোক দুজনে প্ৰাক্তন নেতাক গুলীয়াই হত্য়া কৰে (Akali Dal Leader Surjit Singh Shot Dead In Punjabs Hoshiarpur) ।
উল্লেখ্য যে, শিৰোমণি আকালি দলৰ নেতা সুৰজিৎ সিং আংখীক বৃহস্পতিবাৰে সন্ধিয়া দুজন দুৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ গুৰুতৰ অভিযোগ উঠিছে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে ।
পঞ্জাৱৰ হোছিয়াৰপুৰ এই ঘটনা সন্দৰ্ভত উপ-আৰক্ষী অধীক্ষক তালৱিন্দৰ সিঙে জানিবলৈ দিয়া অনুসৰি, শিৰোমণি আকালি দলৰ নেতা সুৰজিৎ সিং ঘৰৰ ওচৰৰে এজন স্থানীয় গেলামালৰ দোকানৰ বাহিৰত বহি আছিল আৰু সেই সময়তে এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হয়(Akali Dal Leader Shot Dead In Punjab) ।
উল্লেখ্য যে, সন্ধিয়া প্ৰায় ৭ বজাত সুৰজিৎ সিঙে নিজৰ স্থানীয় অঞ্চলৰ এখন গেলামালৰ দোকানৰ বাহিৰত বহি আছিল । সেই সময়তে দুজন ব্যক্তিয়ে এখন বাইকত আহি সুৰজিৎ সিঙক লক্ষ্য কৰি চাৰি জাঁই গুলীচালনা কৰে ।লগে লগে সৃষ্টি হয় হুলস্থুলৰ পৰিৱেশৰ । লগে লগে গুলীবিদ্ধ সুৰজিৎ সিঙক অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তাতেই তেওঁক মৃত বুলি ঘোষণা কৰে । মৃত এছ এ ডি নেতা সুৰজিৎ সিং মেগোৱাল গঞ্জিয়ান গাঁৱৰ প্ৰাক্তন গাঁওবুঢ়া আছিল আৰু বৰ্তমান তেওঁৰ পত্নীয়ে একেটা পদতে অধিষ্ঠিত হৈ আছে(Shiromani Akali Dal leader shot dead in Hoshiarpur village) ।
আৰক্ষীয়ে জনোৱা অনুসৰি, হত্যাকাণ্ডৰ আঁৰৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই আৰু দুৰ্বৃত্তকেইজনৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । ঘটনা তদন্তৰ অন্তত হে পোহৰলৈ আহিব ইয়াৰ প্ৰকৃত কাৰণ ।়