Local, Vocal, Global

AJP leader Ziaur rahman detained by Hatigaon police : সমাজ সংস্কাৰক তথা AJPৰ শীৰ্ষনেতা জিয়াউৰ ৰহমানক আটক হাতীগাওঁ আৰক্ষীৰ

নিউজ ডেস্ক,২২জুন : সমাজ সংস্কাৰক তথা AJPৰ শীৰ্ষনেতা জিয়াউৰ ৰহমানক আটক হাতীগাওঁ আৰক্ষীৰ। অন্য মহিলাৰ সৈতে অবৈধ সম্পৰ্কৰ অভিযোগ জিয়াউৰ ৰহমানৰ বিৰুদ্ধে পত্নীৰ(AJP leader Ziaur rahman detained by Hatigaon police) ।

জিয়উৰ ৰহমানৰ পত্নী ফাৰনাচ নুৰিনৰ অভিযোগ অনুসৰি ৰহমানে দীৰ্ঘদিনে আন মহিলাৰে সম্পৰ্ক ৰক্ষা কৰি আহিছিল জিয়াউৰ ৰহমানে। দুয়োৰে বিবাহ বিচ্ছেদ সম্পৰ্কীয় গোচৰ ন্যায়ালয়ত চলি আছে।ন্যায়ালয়ে জিয়াউৰ ৰহমানক পত্নী আৰু সন্তানৰ খৰচ বহন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছিল যদিও কেৱল ৮০০০ টকা আদায় দিয়েই দায়িত্ব সামৰিছে ৰহমানে। যোৱা বহু দিন ধৰি তেওঁ পত্নী, সন্তানৰ খৰচৰ বাবে দিয়া নাই ধন। ইয়াৰোপৰি ফাৰনাচ নুৰিনে ৰহমানৰ বিৰুদ্ধে আনিছে শাৰীৰিক, মানসিক নিৰ্যাতনৰো অভিযোগ।

জানিব পৰা মতে জিয়াউৰ ৰহমানৰ পত্নী ফাৰনাচ নুৰিনৰ অভিযোগৰ ভিত্তিত হাতীগাওঁ আৰক্ষীয়ে অজাপ নেতাগৰাকীক হাতীগাওঁৰ দৃষিকা এপাৰ্টমেণ্টৰ পৰা আটক কৰে।

লগতে পঢ়ক : Two students missing in Jorhat : ৰাভা দিৱসৰ দিনা খালচা বিদ্যালয়ৰ পৰা সন্ধানহীন দুই ছাত্ৰ