AIUDF leader controversial facebook post : মিঞাক লৈ ফেচবুকত বিতৰ্কিত পোষ্ট এজন AIUDF ৰ নেতাৰ
নিউজ ডেস্ক,৩১আগষ্ট : মিঞাক লৈ ফেচবুকত বিতৰ্কিত পোষ্ট এজন AIUDF ৰ নেতাৰ । বিতৰ্কিত ফেচবুক পোষ্টটোৰ পিচতে সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছে তীব্ৰ উত্তেজনাৰ। খোদ ধৰ্মীয় সংখ্যলাঘু সম্প্ৰদায়ৰ লোকৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ(AIUDF leader controversial facebook post)।
ছিদ্দিকুৰ ৰহমানে ফেচবুক পোষ্টত লিখিছে…

একেদৰে পোষ্টৰ পিছতে ধৰ্মীয় সংখ্যালঘু অধ্যুষিত এলেকাত কৰ্মৰত খিলঞ্জীয়া যুৱতী-মহিলাসকলো শংকিত হৈ পৰিছে । কিয়নো মিঞা এলেকাত কৰ্মৰত খিলঞ্জীয়া যুৱতী-মহিলাক ধৰ্মীয় সংখ্যালঘু এলেকাৰ পৰা লৈ যাবলৈ ফেচবুকৰ মাধ্যমেৰে উজনি অসমৰ ৩০ সংগঠনক আহ্বান জনাইছিল এআইইউডিএফৰ নেতা ছিদ্দিকুৰ ৰহমানে(AIUDF leader controversial facebook post)।
অন্যথা খিলঞ্জীয়া যুৱতী-মহিলা যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’লে উজনি অসমৰ ৩০ সংগঠন দায়ী হ’ব বুলিও সামাজিক মাধ্যমৰ জৰিয়তে একপ্ৰকাৰ ভাবুকি প্ৰদান কৰে এআইইউডিএফৰ নেতাজনে ।
এই পোষ্টৰ পিছতে নিশাই নগাঁৱৰ বটদ্ৰৱা ৰামপুৰৰ তথা বৰ্তমান ধিং সমষ্টিৰ AIUDF নেতা ছিদ্দিকুৰ ৰহমানক বটদ্ৰৱা আৰক্ষীয়ে আটক কৰে । ইতিমধ্যে ধিং আৰক্ষীক হস্তান্তৰ কৰা AIUDF নেতাজনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : Drugs peddler arrested along with drugs : তিনিচুকীয়াত বুজন পৰিমাণৰ হেৰ’ইনসহ আটক তিনি সৰবৰাহকাৰী