Local, Vocal, Global

আজি ডিব্ৰুগড়- পাছিঘাটৰ মাজত আৰম্ভ হ’ব বিমান সেৱা

নিউজ ডেস্ক, ১২ এপ্ৰিলঃ আজিৰ পৰা আৰম্ভ হ’ল ডিব্ৰুগড়-পাছিঘাটৰ মাজত বিমানসেৱা। ডিব্ৰুগড়- পাছিঘাট আকাশীপথত এলায়েঞ্চ এয়াৰৰ ভাৰতত নিৰ্মিত ডৰ্নিয়াৰ ২২৮ বিমানৰ প্ৰথম বাণিজ্যিক উৰণ আৰম্ভ কৰা হয়।

অসামৰিক বিমাণ পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰৰ পৰা পাছিঘাট হৈ লীলাবাৰী-গুৱাহাটীলৈ মুকলি কৰে প্ৰথম বাণিজ্যিক বিমানসেৱা।

১৮ এপ্ৰিলৰ পৰা ডিব্ৰুগড়-পাছিঘাট-লীলাবাৰীৰ মাজত নিয়মীয়া বিমান চলাচল কৰিব এলায়েন্স এয়াৰৰ এই বিমানখন। অতি সোনকালে অৰুণাচলৰ মেচুকা, টুটিং, জিৰো, তেজুলৈও আৰম্ভ হ’ব ডিব্ৰুগড়ৰ পৰা এলায়েন্স এয়াৰৰ বিমানসেৱা।

১৭খন আসনযুক্ত দুখন ডর্নিয়াৰ ২২৮ বিমান লীজত দিবলৈ এলায়েন্স এয়াৰ আৰু হিন্দুস্তান এৰ’নটিক্ছ লিমিটেডৰ মাজত ফেব্ৰুৱাৰীত এখন চুক্তি সম্পাদিত হৈছিল।

অসামৰিক কামত ব্যৱহাৰ কৰিবলগীয়া ভাৰতত নিৰ্মিত বিমান চলোৱা এলায়েন্স এয়াৰেই হ’ব ভাৰতৰ প্ৰথম বাণিজ্যিক এয়াৰলাইন। এতিয়ালৈকে এনে বিমান কেৱল সশস্ত্র বাহিনীয়েহে ব্যৱহাৰ কৰি আছে।