Local, Vocal, Global

Air Force’s Tejas aircraft crashes in Rajasthan : ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত;কথমপি প্ৰাণৰক্ষা দুয়োগৰাকী পাইলটৰ

নিউজ ডেস্ক, ১২ মাৰ্চ : ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমান দুৰ্ঘটনাগ্ৰস্ত। কথমপি প্ৰাণৰক্ষা দুয়োগৰাকী পাইলটৰ । কাৰিকৰী প্ৰশিক্ষণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় তেজস বিমান। প্ৰথমবাৰৰ বাবে দুৰ্ঘটনাগ্ৰস্ত হৈছে তেজস বিমান(Air Force’s Tejas aircraft crashes in Rajasthan)।

মঙলবাৰে সংঘটিত হৈছে এই ঘটনাটো । মঙলবাৰে ৰাজস্থানৰ জয়ছেলমাৰত ভাৰতীয় বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পতিত হয় ।

তথ্য অনুসৰি, তেজছ বিমান দুৰ্ঘটনাটো জয়ছেলমাৰৰ জৱাহৰ কলনীৰ ওচৰত সংঘটিত হৈছে । বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈ মেঘৱাল হোষ্টেলৰ ভৱনৰ সমীপত ইয়াৰ অৱশিষ্ট পৰিছিল । অৱশ্যে, ঘটনাটোত এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই । দুৰ্ঘটনাটোৰ পিচতে আৰক্ষী প্ৰশাসনৰ বিষয়াসকল ঘটনাস্থলীলৈ ৰাওনা হয় । পাইলটজনক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয়(IAF’s Tejas aircraft crashes near Jaisalmer, pilot ejects safely) ।

জানিব পৰা মতে, দুৰ্ঘটনাটোৰ সময়ত পাইলট আৰু সহ-পাইলটজন তেজছত আছিল । দুৰ্ঘটনাটোৰ পিচত অগ্নি নিৰ্বাপক বাহিনীৰ বাহনসমূহ ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়( IAF’s Tejas aircraft crashes near students’ hostel in Jaisalmer) ।

লগতে পঢ়ক : PM Modi inaugurates and lays foundation stone of Rs 85,000 crore railway projects : ৮৫ হাজাৰ কোটি টকাৰ উন্নয়নমূলক কামৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী মোদীৰ