Air Force base attacked in central Pakistan : পাকিস্তানৰ মিয়ানৱালীত বায়ুসেনাৰ প্ৰশিক্ষণ ঘাটিত দুৰ্বৃত্তৰ আক্ৰমণ

ইণ্টাৰনেশ্যনেল ডেস্ক, ৪নৱেম্বৰ : পাকিস্তানক আক্ৰমণ । পাকিস্তানৰ মিয়ানৱালীত বায়ুসেনাৰ প্ৰশিক্ষণ ঘাটিত দুৰ্বৃত্তৰ আক্ৰমণ(Air Force base attacked in central Pakistan) ।
জানিব পৰা মতে, কোনো বন্দুকধাৰীয়ে মিয়ানৱালীত পাকিস্তান বায়ুসেনাৰ প্ৰশিক্ষণ ঘাটিত এই আক্ৰমণৰ ঘটনাটো সংঘটিত কৰে । ইতিমধ্যে পাকিস্তানী সংবাদ মাধ্যমে এই আক্ৰমণৰ বহু ভিডিঅ’ প্ৰকাশ কৰিছে ।
প্ৰাপ্ত তথ্য অনুসৰি, শুকুৰবাৰে নিশা উত্তৰ পাকিস্তানৰ মিয়ানৱালীত পাকিস্তানৰ বায়ুসেনা ঘাটিত আত্মঘাতী বোমাৰুৰ দ্বাৰা এক বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰা হয় । এই আক্ৰমণৰ কেইবাটাও ভিডিঅ’ ইতিমধ্যে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে । অৱশ্যে এই সন্দৰ্ভত কোনো নিশ্চিতি তথ্য পোৱা নাই(Pakistan’s Mianwali airbase attacked by terrorists, 9 shot dead by army) ।
এক প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, তেহৰিক-ই-জিহাদে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে । প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি সেনাই প্ৰতিশোধস্বৰূপে কেইবাজনো আক্ৰমণকাৰীক হত্যা কৰিছে ।
প্ৰতিবেদনত লগতে কোৱা হৈছে যে তালিবানৰ সৈতে সম্পৰ্কিত সন্ত্ৰাসবাদী গ্ৰুপ তেহৰিক-ই-জিহাদে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে । আনহাতে, পাকিস্তানী সেনাই এই আক্ৰমণ প্ৰতিৰোধ কৰাৰ লগতে সন্ত্ৰাসবাদীৰ ওপৰত প্ৰতিশোধ লয় । লগতে দাবী কৰা হৈছে যে আক্ৰমণকাৰীয়ে বিমানঘাটিটোক আৱৰি ৰখা দেৱাল অতিক্ৰম কৰিবলৈ জখলা ব্যৱহাৰ কৰিছিল আৰু আধুনিক অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত আছিল(Pakistan Air Force base attacked, planes damaged amid heavy firing, explosions) ।
আনহাতে পাকিস্তানী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, সেনাই এই আক্ৰমণটো বিফল কৰে আৰু বিমানঘাটিত থকা কৰ্মচাৰীসকলক সুৰক্ষা প্ৰদান কৰে । আনহাতে, ৩ সন্ত্ৰাসবাদীক সময়মতে আৰু কাৰ্যকৰীভাৱে প্ৰত্যুত্তৰ দিয়ে । পাকিস্তানী সেনাবাহিনীয়ে বিমানঘাটিৰ ভিতৰত সন্ত্ৰাসবাদীকেইটাক হত্যা কৰে । প্ৰতিশোধমূলক গুলীচালনাত কমেও ৯ জন সন্ত্ৰাসবাদী নিহত হোৱা বুলি পাকিস্তান বায়ুসেনাই প্ৰকাশ কৰিছে(Tehreek-e-Jihad Pakistan Attacks Air Force Base in Mianwali, 9 Terrorists Killed)।
উল্লেখ্য যে, আজি পুৱৰ ভাগত পাকিস্তান বায়ুসেনাৰ মিয়ানৱালি ট্ৰেইনিং এয়াৰ বেছত ব্যৰ্থ সন্ত্ৰাসবাদী আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হয়। সৈন্যৰ ফলপ্ৰসূ সঁহাৰি, বিফল কৰা হৈছে, যাৰ ফলত কৰ্মী আৰু সম্পত্তিৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰা হৈছে। ব্যতিক্ৰমী সাহস আৰু সময়োপযোগী সঁহাৰি প্ৰদৰ্শন কৰি তিনিজন সন্ত্ৰাসবাদীক ঘাটিটোত প্ৰৱেশ কৰাৰ আগতেই নিষ্ক্ৰিয় কৰা হৈছিল । আনহাতে বাকী তিনিটা সন্ত্ৰাসবাদীক সৈন্যই সময়মতে আৰু ফলপ্ৰসূ সঁহাৰিৰ বাবে কোণত/বিচ্ছিন্ন কৰি ৰখা হৈছে (sic),” সেনাই প্ৰাৰম্ভিক বিবৃতিত কয়(Pakistan Air Force foils terror attack at Mianwali Air Base)।