Local, Vocal, Global

Air Attack in Northwestern Myanmar kills 17 : সামৰিক বাহিনীৰ এয়াৰ ষ্ট্ৰাইক; শিশুসহ নিহত ১৭জনকৈ লোক

ইণ্টাৰনেশ্যনেল ডেস্ক, ৮ জানুৱাৰী : সামৰিক বাহিনীৰ এয়াৰ ষ্ট্ৰাইক । এয়াৰ ষ্ট্ৰাইকৰ আক্ৰমণত শিশুসহ নিহত ১৭জন লোক লগতে আহত হয় ২০জনকৈ লোক । ম্যানমাৰৰ উত্তৰ-পশ্চিমত অৱস্থিত এখন গাঁৱত সংঘটিত হৈছে এই ঘটনাটো ।

দেওবাৰে পুৱাৰ ভাগত ভাৰত সীমান্তৰ দক্ষিণ দিশে থকা দেশখনৰ চাগাইং অঞ্চলৰ খাম্পাট চহৰৰ কানান গাঁৱত এয়াৰ ষ্ট্ৰাইক আক্ৰমণ কৰে ম্যানমাৰৰ সামৰিক বাহিনীয়ে ৷ এই কথা জানিবলৈ দিছে দেশখনৰ সংবাদমাধ্যম বি বি চি ম্যানমাৰে(Air Strike on Myanmar Village Kills 17) ৷

উল্লেখ্য যে, কানান গাঁৱত সেনাই এয়াৰ ষ্ট্ৰাইক কৰা বুলি ওলোৱা খবৰক অস্বীকাৰ কৰি এই ক্ষেত্ৰত চৰকাৰী এম আৰ টি ভিত দেওবাৰে নিশা সম্প্ৰচাৰিত এক বাতৰিত নাম প্ৰকাশত অনিচ্ছুক এজন বিষয়াৰ উদ্ধৃতি দি কোৱা হয় যে, দেওবাৰে পুৱা অঞ্চলটোত কোনো বিমান উৰা নাছিল । কেৱল যোৱা দুটা বছৰত সামৰিক চৰকাৰে দুটা শত্ৰু গোচৰ বিৰুদ্ধে বিমানৰে আক্ৰমণ বৃদ্ধি কৰা হৈছে ৷ সশস্ত্ৰ গণতন্ত্ৰপন্থী পিপলছ ডিফেন্স ফ’ৰ্চ আৰু সংখ্যালঘু জাতিৰ গেৰিলা গোট যি কেইবা দশক ধৰি অধিক স্বায়ত্তশাসনৰ বাবে যুঁজি আছে(Air Attack in Myanmar kills 17, Military Denies Responsibility) ।

আনহাতে, দুয়োটা গোটে সেনাৰ ওপৰত আক্ৰমণ চলাই আহিছে ৷ সেয়ে সামৰিক চৰকাৰে প্ৰায়ে অঞ্চলতে গণতন্ত্ৰপন্থী শক্তিবোৰক সন্ত্ৰাসবাদৰ দৰে হিংসাত্মক কাৰ্য চলাই থকাৰ অভিযোগ উত্থাপন কৰিছে ৷

কিন্তু ৰাষ্ট্ৰসংঘ আৰু বেচৰকাৰী সংগঠনসমূহৰ বিশ্লেষকসকলে কয় যে, সেনাৰ দ্বাৰা মানৱ অধিকাৰ উলংঘনৰ দৰে প্ৰমাণ সংগ্ৰহ কৰা হৈছে ৷ যাৰ ভিতৰত আছে সমগ্ৰ গাওঁবোৰ জ্বলাই দিয়া আৰু প্ৰায় ২০ লাখ লোকক স্থানান্তৰ কৰা যি এক মানৱীয় সংকটৰ সৃষ্টি কৰিছে ।

ইফালে, উদ্ধাৰ কাৰ্যৰ সৈতে জড়িত এজন স্থানীয় লোকে দেওবাৰে এছ’চিয়েটেড প্ৰেছক জনায় যে, এখন জেট ফাইটাৰে দেশখনৰ দ্বিতীয় বৃহত্তম চহৰ মান্দালয়ৰ পৰা প্ৰায় ২৮০ কিলোমিটাৰ উত্তৰ-পশ্চিমে খাম্পাটৰ উপকণ্ঠত থকা কানান গাঁৱত তিনিটা বোমা নিক্ষেপ কৰে ৷ যাৰ ফলত গাওঁখনৰ বিদ্যালয়ৰ ওচৰৰ অট্টালিকাসমূহত থকা ১৭ জনকৈ লোক নিহত হয় । বিদ্যালয়খনৰ সমীপৰ প্ৰায় ১০ টা ঘৰ বোমাৰে ধ্বংস কৰা হৈছে(Air Attack in Northwestern Myanmar kills 17) ৷

লগতে পঢ়ক : Drone attack carried out at ULFA (I) camp : আলফা(স্বাঃ) ৰ ম্যানমাৰস্থিত শিবিৰত ড্ৰোণেৰে আক্ৰমণ