Local, Vocal, Global

জামুগুৰিহাটত গাঞ্জাসহ জালত আইনুল

নিউজ ডেস্ক: অসম আৰক্ষীয়ে মদ-ভাং, ড্ৰাগছকে ধৰি নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰখাৰ মাজতে শোণিতপুৰ জিলাৰ জামুগুৰিহাটত ১৪ কেজি গাঞ্জাসহ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। জামুগুৰি আৰক্ষীয়ে আটক কৰা গাঞ্জা সৰবৰাহকাৰীৰ নাম আইনুল হক। জামুগুৰি আৰক্ষীয়ে বিশেষ সূত্ৰৰ পম খেদি জামুগুৰিহাটৰ পশ্চিমাঞ্চলৰ চকীঘাটৰ সমীপৰ গটাইমাৰীৰ পৰা আটক কৰে গাঞ্জাসহ আইনুল হকক। আৰক্ষীৰ জেৰাত ধৃত আইনুলে গাঞ্জাখিনি মাজবাটৰ পৰা বিক্ৰীৰ বাবে ক্ৰয় কৰি অনাৰ কথা স্বীকাৰ কৰে। গাঞ্জা বেপাৰীটোৱে ব্যৱহাৰ কৰা AS-12-N- 2159 নম্বৰৰ মটৰ চাইকেলখন জব্দ কৰে জামুগুৰি আৰক্ষীয়ে।