AIIMS Delhi to be closed till 2.30 pm on Jan 22 : ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষ্যে কাইলৈ দিনৰ ২.৩০ বজালৈ বন্ধ থাকিব AIIMSৰ OPD সেৱা

নিউজ ডেস্ক,২১ জানুৱাৰী : ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠালৈ মাজত মাত্ৰ কেইটামান ঘন্টা। প্ৰাণ প্ৰতিষ্ঠাৰ বাবে সজাই-পৰাই তোলা হৈছে অযোধ্যাৰ ৰাম মন্দিৰ । অযোধ্যাত ভিৰ কৰিছে দেশ-বিদেশৰ ভক্তই । অযোধ্যাৰ ৰাম মন্দিৰ ফুল আৰু বিশেষ পোহৰেৰে সজ্জিত কৰা হৈছে। মন্দিৰটো সজাবলৈ বিশেষ ফুলৰ ডিজাইন প্ৰস্তুত কৰা হৈছে। সমগ্ৰ দেশতে এতিয়া ‘জয় শ্ৰীৰাম’ ধ্বনি(AIIMS Delhi to Keep OPDs Open on 22 Jan After Backlash)।
দেশৰ বহু VIP, VVIP, ৰাজনৈতিক নেতা, অভিনেতা-অভিনেত্ৰী, ক্ৰীড়াবিদৰ পৰা সকলো লক্ষ্য হৈ পৰিছে অযোধ্যা। ইতিমধ্যে অযোধ্যাত ভৰি পৰিছে দেশৰ ভিন্ন প্ৰান্তৰ হাজাৰ-হাজাৰ সাংবাদিক, সংবাদকৰ্মী। দেশৰ প্ৰতিগৰাকী নাগৰিকৰ এতিয়া লক্ষ্যস্থল হৈ পৰিছে সৰযু নদীৰ পৰা। সকলোৰে অপেক্ষা মাত্ৰ ২২ জানুৱাৰীলৈ। সোমবাৰে দুপৰীয়া ১২:১৫ৰ পৰা ১২:৪৫ বজাৰ ভিতৰত শ্ৰীৰামৰ মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা হ’ব। সেই সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকে ধৰি পাঁচজন লোক গৰ্ভগৃহত উপস্থিত থাকিব ।
ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষ্যে কাইলৈ দিনৰ ২.৩০ বজালৈ বন্ধ থাকিব দিল্লী এইমছৰ OPD সেৱা(AIIMS Delhi to be closed till 2.30 pm on Jan 22)।
দিল্লীস্থিত স্বাস্থ্যসেৱা প্ৰতিষ্ঠানটোৱে শনিবাৰে এক বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিলে এই কথা ।
শনিবাৰে এইমছে এক বিজ্ঞপ্তিযোগে কয়, “ভাৰত চৰকাৰে ১৮ জানুৱাৰী, ২০২৪ তাৰিখে vide O.M ref: F.No. 12/7/2023- JCA, DoPT এক নিৰ্দেশনাযোগে সোমবাৰৰ দিনা, অযোধ্যাত ৰামলল্লা প্ৰাণ প্ৰতিষ্ঠা কৰা দিনটোত অৰ্ধ ছুটী ২.৩০ বজালৈকে ঘোষণা কৰিছে । সকলো কৰ্মচাৰীৰ বাবে অৱগত কৰা হৈছে যে ২২.০১.২০২৪ তাৰিখে ২.৩০ বজালৈকে প্ৰতিষ্ঠানটো বন্ধ থাকিব । সকলো কেন্দ্ৰৰ মুৰব্বী, বিভাগৰ মুৰব্বী, ইউনিট আৰু শাখা বিষয়াক অনুৰোধ জনোৱা হৈছে যে তেওঁলোকৰ অধীনত কাম কৰা সকলো কৰ্মচাৰীৰ জ্ঞাতসাৰে এই বিষয়ে অৱগত কৰক ।”
বিজ্ঞপ্তিটোত লগতে কোৱা হৈছে, “কিন্তু যিহেতু এইমছ নতুন দিল্লী ২১.০১.২০২৪ লৈকে এমাহৰ বাবে হাই এলাৰ্টত থকাৰ বাবে সকলো জটিল চিকিৎসা সেৱা কাৰ্যক্ষম হৈ থাকিব( Delhi AIIMS to be closed till 2.30 pm on January
) ।”