Local, Vocal, Global

Caught on CCTV: সামজিক মাধ্যমত ভাইৰেল এটা ভিডিঅ’

নিউজ ডেস্ক, ২৮ছেপ্টেম্বৰ : সামজিক মাধ্যমত ভাইৰেল এটা ভিডিঅ’। ভাইৰেল এগৰাকী মহিলাক প্ৰহাৰ কৰাৰ ভিডিঅ’(Caught on CCTV)। ভাইৰেল হৈ পৰা ভিডিঅ’ত স্পষ্টকৈ দেখা গৈছে মহিলা গৰাকীক মাৰপিট কৰি আছিল এজন পুৰুষে আৰু সেয় সময়তে উক্ত স্থানত উপস্থিত আছিল দুজনকৈ পুৰুষ যাৰ মাজত এজন নিৰাপত্তাৰক্ষীও আছিল(Spa Manager Brutally Assaults Woman Drags Her By Hair In Ahmedabad) ৷

ভাইৰেল হোৱা ভিডিঅ’ত দেখা যায় এজন পুৰুষে চৰ, গোৰ, ভুকু, ঘোচাৰ লগতে চুলিত ধৰি এটা কোঠাৰ ভিতৰলৈ সুমুৱাই নিছে এগৰাকীক যুৱতীক(Shocking CCTV Footage Surfaces)।

ঘটনাৰ বিৱৰণী অনুসৰি, ভাইৰেল হোৱা এই ভিডিঅ’টো আহমেদাবাদৰ সিন্ধু ভৱন পথৰ । সিন্ধু ভৱন পথস্থিত এখন স্পাৰ বাহিৰত স্পাখনৰ মেনেজাৰে এগৰাকী মহিলাক বেয়াকৈ প্ৰহাৰ কৰে । মেনেজাৰজনে মহিলাগৰাকীৰ চুলিত ধৰি টানি লৈ যায় আৰু কাপোৰও ফালি পেলায় মানৱ ৰূপী দানৱটোৱে। প্ৰায় ৪ মিনিট ধৰি মহিলাগৰাকীক অত্যাচাৰ চলাই মেনেজাৰজনে । লোকজনৰ প্ৰহাৰৰ এই সমগ্ৰ দৃশ্য বন্দী হৈছে চিচিটিভি কেমেৰাত।

ভিডিঅ’টোত স্পষ্টকৈ দেখিবলৈ পোৱা যায় যে উৎপীড়নৰ বাবে ভুক্তভোগী মহিলাগৰাকীয়ে না কথা ক’ব পাৰিছে না থিয় হ’ব পাৰিছে ! এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

সমগ্ৰ ঘটনাৰ চিচিটিভি ফুটেজ ভাইৰেল হোৱাৰ পিছত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত । প্ৰহাৰ কৰা লোকজন উত্তৰ ভাৰতৰ মহছিন বুলি চিনাক্ত কৰিছে(Ahmedabad spa manager assaults woman drags her by hair) ৷

উল্লেখ্য যে, চিচিটিভিত স্পষ্টকৈ দেখা গৈছে যে এজন নিৰাপত্তাৰক্ষীজনে সেই ঠাইখিনিত থিয় হৈ আছিল, য’ত মেনেজাৰজনে মহিলাক গৰাকীক শাৰীৰিক অত্যাচাৰ চলাই আছিল ৷ সেই স্থানত ৰৈ থকা এজন পুৰুষ আছিল যিয়ে প্ৰথমাৱস্থাত প্ৰহাৰকাৰীক ৰখাবলৈ সামান্য চেষ্টা চলাইছিল কিন্তু নিৰাপত্তাৰক্ষীজনৰ ভূমিকা এজন প্ৰত্যক্ষদৰ্শীৰ বাহিৰে একো নাছিল ৷

এই সন্দৰ্ভত বোদকদেৱ থানাৰ পি আই এ আৰ ধাৱনে ই টি ভি ভাৰতক ফোনযোগে জনোৱা অনুসৰি, আৰক্ষীয়ে ভিডিঅ’টো ইতিমধ্যে লাভ কৰিছে । বৰ্তমানে ভিডিঅ’টোত দেখা পোৱা দুয়ো যুৱক আৰু যুৱতীগৰাকী বিচাৰি উলিয়াবলৈ চেষ্টা অব্যাহত ৰখা হৈছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক :Manipur Violence : অশান্ত মণিপুৰ; মণিপুৰৰ বিজেপি কাৰ্যালয় আৰু বিজেপি সভাপতিৰ ঘৰৰ সন্মুখত তীব্ৰ প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ