WATCH | Agri Revolution : চৰাঞ্চলত আৰম্ভ হৈছে কৃষি বিপ্লৱ
নলবাৰী,৯এপ্ৰিল : চৰাঞ্চলত আৰম্ভ হৈছে কৃষি বিপ্লৱ। চৰাঞ্চলৰ ছেঙা কাছাৰীপাৰা চৰত মাকৈ খেতিৰে কৃষি বিপ্লৱ। মাকৈ খেতি কৰি লাভবান ৬ গৰাকীকৈ যুৱকে ।
মাকৈ খেতিৰে লাভবান হৈছে চৰাঞ্চলৰ কৃষক উচমান, তাইজুদ্দিন, নজৰুল, লোকমান, ইমান আৰু মতালেব(Agri Revolution)।
মাকৈ খেতিক কেন্দ্ৰ কৰিয়েই অসমত এতিয়া বৃহৎ উদ্যোগ গঢ় লৈ উঠিছে বুলিও জনাইছে এ . জি.আৰ.পায়নীয়াৰ চীডচ প্ৰাইভেট লিমিটেডৰ মূখ্য কাৰ্যবাহী বিষয়া (CEO) বিশ্বজিৎ বৰুৱাই।
উল্লেখ্য যে, মাকৈ খেতিত প্ৰতি বিঘাত ৩০০০/৪০০০ টকা খৰচ হোৱাৰ বিপৰীতে উপাৰ্জন হয় ১৭ ৰ পৰা ১৮ কুইণ্টল। চেঙা সমষ্টিৰ চৰাঞ্চলৰ কৃষকসকলেও এ. জি.আৰ. ৫৫ নামৰ মাকৈৰ বীজ সিচি ১৭ৰ পৰা ১৮ কুইণ্টল উৎপাদন পাবলৈ সক্ষম হৈছে।
মাকৈ কোম্পানী “এ.জি.আৰ পাইওনাৰ চীডচ প্ৰাইভেট লিমিটড”ৰ লোক আহিল মাকৈ খেতিৰ পথাৰ পৰিদৰ্শন কৰিবলৈ।
লগতে পঢ়ক : WATCH | Protest in Cachar : কাছাৰ কাটিগড়ত ৰাজপথত হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদ