Local, Vocal, Global

AGP candidate announced in Bongaigaon : জল্পনা-কল্পনাৰ অন্ত ! ঘোষণা বঙাইগাঁৱত অগপ প্ৰাৰ্থীৰ নাম

নিউজ ডেস্ক,২১অক্টোবৰ: ৰাজ্যত উপ-নিৰ্বাচনৰ গৰম বতাহ । ৫ সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে শাসক-বিৰোধী উভয়ে আৰম্ভ কৰিছে ৰাজনৈতিক কুচকাৱাজ।

অসমৰ পাঁচটা সমষ্টি ক্ৰমে বিহালী, চামগুৰি, ধলাই, ছিদলী আৰু বঙাইগাঁৱত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন।দেওবাৰে সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ঘোষণা কৰিলে দলটোৰ প্ৰাৰ্থী তালিকা। দেওবাৰে ৪টা সমষ্টিৰ বাবে কংগ্ৰেছে ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম(AGP candidate announced in Bongaigaon)।

ইফালে বঙাইগাঁওত অগপত প্রাৰ্থিত্বক লৈ সৃষ্টি হৈছে সংঘাত। উপ-নিৰ্বাচনৰ পূৰ্বে বঙাইগাঁও অগপত লাগিল কেনা।

তাৰ মাজতে বঙাইগাঁৱত অগপ প্ৰাৰ্থীৰ নাম ঘোষণা । আজি বঙাইগাঁৱত অগপই ঘোষণা কৰিলে প্ৰাৰ্থীৰ নাম।

বঙাইগাঁৱত অগপৰ প্ৰাৰ্থী হ’ব দীপ্তিময়ী চৌধুৰী। সাংসদ ফণীভূষণ চৌধুৰীৰ পত্নী দীপ্তিময়ী চৌধুৰী।

ইফালে সমষ্টিটোত কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ব্ৰজেনজিৎ সিনহাক।

লগতে পঢ়ক :Body found in Jia Bharali River: অৱশেষত উদ্ধাৰ জীয়াভৰলী নদীত সন্ধানহীন হৈ থকা পিতা-পুত্ৰৰ মৃতদেহ