পুনৰ অসমৰ ভূমিৰ ওপৰত শেনচকু মিজু দুৰ্বৃত্তৰ

নিউজ ডেস্ক, ১৭ মাৰ্চঃ হাইলাকান্দি জিলাৰ অসম মিজোৰাম সীমান্তত অব্যাহত আছে মিজোৰ তাণ্ডৱ। চুবুৰীয়া মিজোৰামে চলাইছে অসমৰ ভূমিত বেদখলৰ চেষ্টা।
অসমৰ ভূমিত ঝুমখেতি কৰাৰ উদ্দেশ্যে সীমান্তৰ গল্লাচেড়া অঞ্চলত পাহাৰত মিজো দুষ্কৃতিকাৰীসকলে ধ্বংস কৰি জ্বলাই দিয়ে বিস্তৰ অঞ্চল।
সোমবাৰৰ পৰা প্ৰতিদিনে এই সংৰক্ষিত বনাঞ্চল খনৰ প্ৰায় ৫০০ মিটাৰতকৈ গছ ধ্বংস কৰিছে মিজোৰামে।
কিন্তু আজি প্ৰায় তিনি দিনৰ পৰা পাহাৰখন মিজোৰ জুইত জ্বলি থাকিলেও ৰাজ্য চৰকাৰ আৰু হাইলাকান্দি আৰক্ষীয়ে গ্ৰহণ কৰা নাই কোনো পদক্ষেপ।
এই ঘটনাক কেন্দ্ৰ কৰি যোৱা দিনৰ পৰা চেপা উত্তেজনা বিৰাজ কৰিছে সীমান্ত অঞ্চলত।