Local, Vocal, Global

পুনৰ দৰং জিলাৰ ছিপাঝাৰত সংঘটিত হ’ল সমাজক লজ্জিত কৰা ঘটনা

নিউজ ডেস্ক, ২৩ আগষ্ট : দৰঙৰ জিলাৰ ছিপাঝাৰৰ অন্তৰ্গত ব্যাসপাৰা অঞ্চলৰ  ২ নং ঘোঁৰাশাল গাঁৱত সংঘটিত হৈছে এই লজ্জাজনক ঘটনাৰ।

সমাজে এঘৰীয়া কৰা এগৰাকী ব্যক্তিক ঘৰলৈ মাতি পুজাৰ প্ৰসাদ খুওৱাৰ অপৰাধত সমাজচ্যুত হ’ল এটা পৰিয়াল ।আনকি  ব্ৰাহ্মণ সমাজে এক পত্ৰও প্ৰেৰণ কৰিছে পৰিয়ালটোলৈ 

গাওঁখনৰ আনন্দিপাৰা চুবুৰীৰ  দীনেশ শৰ্মা নামৰ ব্যক্তি এগৰাকীৰ ঘৰত পূজা উপলক্ষে বহু বছৰ পূৰ্বৰ পৰাই ব্ৰাহ্মণ সমাজে এঘৰীয়া কৰি থোৱা  এগৰাকী ব্যক্তি পূজাত উপস্থিত হৈ প্ৰসাদ খোৱাৰ অপৰাধত সমাজৰ শাস্তিৰ সন্মুখীন হৈছে দীনেশ শৰ্মাৰ পৰিয়ালটো ৷

দীনেশ শৰ্মাৰ পৰিয়ালটোলৈ  ব্ৰাহ্মণ সমাজে প্ৰেৰণ কৰা পত্ৰ অনুসৰি সমাজৰ নিয়ম ভংগ কৰাৰ বাবে আনন্দিপাৰা কালী মন্দিৰৰ অন্তৰ্গত পৰিয়ালসমুহৰ বাসগৃহত কোনো অনুস্হানতে ভাগ লব নোৱাৰিব দীনেশ শৰ্মাৰ পৰিয়ালে ৷

পৰিয়ালটোক দিয়া পত্ৰখনত সভাপতি গণেশ চন্দ্ৰ শৰ্মা আৰু সম্পাদক চিত্ৰ শৰ্মা ৰ স্বাক্ষৰ সম্বলিত আছে ৷

ইপিনে পৰিয়ালটোৰ মূল উপাৰ্জনকাৰী দীনেশ শৰ্মা  এবছৰ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ  থকাৰ বাবে  পত্নীয়ে দিন হাজিৰা কৰি কোনোমতে জীৱন নিৰ্বাহ  কৰি আহিছে।

কিন্তু উক্ত ঘটনাটোৰ পিছত  ৰাইজে মহিলা গৰাকীক দিন হাজিৰাৰ বাবে বিছৰা নাই ৷ নিজৰ সমাজ খনৰে এচাম লোকৰ আক্ৰোশ আৰু অমানবীয় সিদ্ধান্তৰ বলি হৈ মানসিক ভাবে ভাবে ভাগি পৰিছে দুৰ্ভগীয়া পৰিয়ালটো ৷