Local, Vocal, Global

মণিপুৰৰ পাছত এইবাৰ নেপালত ভয়ংকৰ ভূমিস্খলন

নিউজ ডেস্ক : শনিবাৰে নেপালৰ  Achham জিলাৰ বিভিন্ন ঠাইত সংঘটিত হোৱা ভূমিস্খলনৰ ফলত কমেও ১৩ জন লোক নিহত আৰু ১০ জন সন্ধানহীন হৈছে।

উপ মুখ্য জিলা বিষয়া দীপেশ ৰিজালে কয়, “ভূমিস্খলনৰ ফলত সুদূৰ পশ্চিম নেপালৰ  Achham জিলাৰ বিভিন্ন অংশৰ পৰা কমেও ১৩ জন নিহত, ১০ জন সন্ধানহীন আৰু ১০ জনক উদ্ধাৰ কৰা হৈছে।”

নেপালত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বানপানী আৰু ভূমিস্খলন হৈছে।

দুৰ্যোগৰ পৰিপ্ৰেক্ষিতত গৃহমন্ত্ৰী বাল কৃষ্ণ খাণ্ডে অনুসন্ধান আৰু উদ্ধাৰ অভিযানৰ বাবে হেলিকপ্টাৰ মোতায়েনৰ নিৰ্দেশ দিছে।

নেৰানেপেৰা বৰষুণৰ ফলত লাস্কু আৰু মহাকালী নদীত বানপানী হৈছে যাৰ ফলত বহুতো ঘৰ আৰু দুখন দলং উটি যায়।

আৰক্ষীৰ এজন মুখপাত্ৰই জনোৱা অনুসৰি উদ্ধাৰকাৰীসকলে ৰাজধানী চহৰ কাঠমাণ্ডুৰ পৰা প্ৰায় ৪৫০ কিলোমিটাৰ (২৮১ মাইল) পশ্চিমে  Achhamত বোকাৰ তলত পুতি থোৱা পাঁচটা ঘৰৰ ধ্বংসাৱশেষৰ পৰা মৃত আৰু আহতসকলক উদ্ধাৰ কৰিছিল।

বিষয়াসকলে জানিব দিছিল যে আহতসকলক ওচৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।