Local, Vocal, Global

Ahmedabad Schools Receive Terror Threat : আহমেদাবাদৰ বিদ্যালয়ত সন্ত্ৰাসৰ ভাবুকি; ই-মেইল যোগে বিদ্যালয় কৰ্তৃপক্ষলৈ ভাবুকি

নেশ্যনেল ডেস্ক, ৬মে’ : দিল্লীৰ বিদ্যালয়ৰ পিছত এইবাৰ আহমেদাবাদৰ বিদ্যালয়ললৈ সন্ত্ৰাসৰ ভাবুকি। বিদ্যালয় কৰ্তৃপক্ষলৈ ভাবুকি ভৰা ই-মেইল। ভাবুকি পিছতে এতিয়া গুজৰাটৰ আহমেদাবাদত সৃষ্টি হৈছে চাঞ্চল্য। আহমেদাবাদৰ ৮খনকৈ স্কুলক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছে। কোৱা হৈছে যে ৰাছিয়াৰ এক হেণ্ডেলৰ পৰা আহিছে এই ভাবুকি ভৰা মেইল। এই ই-মেইলৰ পিছতে তৎপৰ হৈ পৰিছে আৰক্ষী, স্কুলসমূহ চলোৱা হৈছে তালাচী অভিযান(After Delhi-NCR, 3 Ahmedabad schools receive bomb threat)।

ইফালে আৰক্ষী আৰু নিৰাপত্তা বাহিনী সজাগ হৈ আছে। আহমেদাবাদ প্ৰশাসনে অভিভাৱকসকলক আতংকিত নহ’বলৈ আহ্বান জনাইছে আৰু কৈছে যে বিপদৰ কোনো কথা নাই। বোমা বিশেষজ্ঞৰ দলো ঘটনাস্থলীত উপস্থিত হৈছে।

উল্লেখযোগ্য যে, দিল্লীৰ বহু স্কুললৈ আহিছিল ভাবুকি ভৰা ই-মেইল। ই-মেইলত দিল্লীৰ ১০০ৰো অধিক স্কুলক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিয়া হৈছিল।। অৱশ্যে পিছত সেয়া ভুৱা প্ৰতিপন্ন হয়। এই সম্পৰ্কত এখন এফআইআৰো দাখিল কৰা হৈছিল(Ahmedabad Schools Receive Terror Threat)।

লগতে পঢ়ক : suspected bomb blast in Bengal : লোকসভা নিৰ্বাচনৰ প্রাকক্ষণত পশ্চিমবংগত ভয়ংকৰ বোমা বিস্ফোৰণ